পিতৃ-মাতৃৰ শ্ৰাদ্ধলৈ সাঁচি থোৱা ধন আগবঢ়ালে চৰকাৰৰ সাহায্য পুঁজিলৈ

0
112

পিতৃ-মাতৃৰ শ্ৰাদ্ধলৈ সাঁচি থোৱা ধন আগবঢ়ালে চৰকাৰৰ সাহায্য পুঁজিলৈ

আমাৰ সময়ঃ শিৱসাগৰৰ এজন ব্যক্তিয়ে পিতৃ-মাতৃৰ শ্ৰাদ্ধলৈ সাঁচি থোৱা ধন আগবঢ়ালে চৰকাৰৰ সাহায্য পুঁজিলৈ।ক’ভিডৰ জটিল সময়ত চিকিৎসা ক্ষেত্ৰৰ লগতে ভিন্ন কাম-কাজৰ উন্নতি সাধিবলৈ আৰ্থিক সহায়ৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজলৈ জনাইছিল এক আহ্বান। আৰু তাৰ পাছতে ৰাইজৰ ব্যাপক সঁহাৰি ।সেই আহ্বান মানি আজি শিৱসাগৰৰ জগত হাজৰিকাই দেখুৱালে মহানুভৱতা।ক’ভিড পৰিস্থিতিৰে যুঁজিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে চল্লিশ হাজাৰ টকাৰ আৰ্থিক সাহায্য।
কৰ’ণা ৰোগীক ভেকচিন প্ৰদানৰ বাবে তেওঁ এই পুঁজি শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণুকমল বৰাৰ যোগেদি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ায় ।পিতৃ-মাতৃৰ বছৰেকীয়া শ্ৰাদ্ধৰ বাবে সাঁচি ৰখা উক্ত ধন মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰি জগত হাজৰিকাই দেখুৱাইছে মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন।

শিৱসাগৰ,জিতুল খান ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here