স্বামী-স্ত্ৰী মিলি দুয়ো চলাইছিল ড্ৰাগছৰ বেহা

0
56

স্বামী-স্ত্ৰী মিলি দুয়ো চলাইছিল ড্ৰাগছৰ বেহা

মৈৰাবাৰীত বাহাৰুল ইছলামৰ ঘৰত ড্ৰাগছৰ বেহা

আমাৰ সময়ঃ প্ৰতিদিনে ৰাজ্যত ধৰা পৰিছে ড্ৰাগছ সৰবৰাহকাৰী । তথাপি যেন অন্ত পৰা নাই ড্ৰাগছৰ ৰমৰমীয়া বেহা । এইবাৰ মৈৰাবাৰীত আৰক্ষীৰ তীব্ৰ অভিযান । ড্ৰাগছকে ধৰি নিচাজাতীয় দ্ৰব্যৰ গৰাহৰ পৰা মৈৰাবাৰীক ৰক্ষা কৰিবলৈ প্ৰতি মুহূৰ্ততে তৎপৰ হৈ পৰিছে মৈৰাবাৰী আৰক্ষী । আজি মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱন মৰাণৰ নেতৃত্বত চলে ড্ৰাগছ বিৰোধী অভিযান ।
এই অভিযানত আৰক্ষীৰ এটি দলে দুপৰীয়া ১২ বজাত হাতীমূৰীয়া ছাগলতলা চাৰি আলিৰ ওচৰতে থকা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী বাহাৰুল ইছলামৰ ঘৰত অভিযান চলাই । এই অভিযানত ৭৭গ্ৰাম ড্ৰাগছ ভৰ্তি ৫৯ টা কন্টেইনাৰ আৰু ১৭০ টা খালি কন্টেইনাৰ জব্দ কৰে আৰক্ষীৰ দলটিয়ে । কিন্ত আৰক্ষীৰ হাতৰ পৰা পলাই সাৰি গ’ল ড্ৰাগছ ব্যৱসায়ী বাহাৰুল ইছলাম । আৰক্ষীৰ দলটিয়ে আটক কৰে ব্যৱসায়ীজনৰ পত্নীক । উল্লেখ্য যে এই স্বামী-স্ত্ৰী দুয়ো মিলি বহু দিনৰ পৰাই চলাই আহিছিল এনে ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বেহা ।মৈৰাবাৰী আৰক্ষীৰ এনে সফলতাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।আনহাতে আৰক্ষী বিষয়াগৰাকীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত থাকিব বুলি জনায় সাংবাদিকসকলৰ আগত ।

মৈৰাবাৰী, ইকবাল হুছেইন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here