ৰাইজ নিজেই নামিল অনৈতিক কামৰ চাফাই অভিযানত

0
87

ৰাইজ নিজেই নামিল অনৈতিক কামৰ চাফাই অভিযানত

দক্ষিণ বৰপেটাৰ সুহাবিল দলনী গাঁৱৰ এই প্ৰশংসনীয় পদক্ষেপ

আমাৰ সময়ঃ ৰাজ্যত এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে ড্ৰাগছৰ লগতে অন্যান্য নিষিদ্ধ আৰু সমাজ পৰিপন্থী অনৈতিক কাৰ্যসমূহ । কি চহৰ,কি গাঁও !সকলোতে যেন পিয়াপি দি ফুৰিছে অনৈতিক কৰ্মৰ লগত জড়িত লোকসকল ।সেয়েহে এতিয়া সুহাবিল দলনী গাঁৱৰ ৰাইজে লৈছে প্ৰশংসনীয় পদক্ষেপ ।
আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় সুহাবিল দলনীত চাফাই অভিযান ৷ সুহাবিল দলনীৰ ডি ডি এছ হাইস্কুলৰ পৰা আৰম্ভণি হয় এই পদযাত্ৰা ৷ হাতত দা, কুঠাৰ, কাচি আদি লৈ ৰাস্তাৰ দুয়ো কাষে থকা হাবি-বননি চাফ-চিকুণ কৰি মানুহৰ ঘৰে ঘৰে গৈ উপস্থিত হয় ৰাইজ ৷প্ৰতিঘৰতে চেনিটাইজেচন কৰি মাস্ক পিন্ধাই হাতত অৰ্পণ কৰে এখনি গোহাৰি পত্ৰ ৷গোহাৰি পত্ৰৰ দ্বাৰা সুহাবিল দলনী গাঁওখনক আদৰ্শ গাঁওৰূপে গঢ়ি তুলিবলৈ ড্ৰাগছ, মদ, জুৱা,ভাং আদি নিষিদ্ধ আৰু অসামাজিক কামৰ পৰা বিৰত থকাৰ এক কাতৰ আহ্বান নতুনকৈ গঠন হোৱা নৱনিৰ্মাণ সমিতিৰ ৷ কোনো লোক যাতে অন্ধবিশ্বাসৰ বলি হ’বলগীয়া নহয় আৰু ধৰ্ম নিৰপেক্ষতা বজাই ৰখাৰ লগতে বাল্যবিবাহ, যৌতুক আদিৰ বিৰুদ্ধেও মাত মাতিবলৈ আহ্বান সমিতিৰ ।
তদুপৰি সন্ধিয়া অথবা নিশাৰ ভাগত তিনিআলি /চাৰিআলিৰ চ’কত জুম বান্ধি নাথাকি যুৱচামক পঢ়া-কোঠালৈ কেনেকৈ আকৰ্ষিত কৰিব পাৰি সেই কৌশল অৱলম্বন কৰিবলৈ অভিভাৱকসকলক অনুৰোধ জনায় নৱনিৰ্মাণ সমিতিয়ে ।নিশাৰ ভাগত কোনো ঠাইত আড্ডা দিয়া দেখা মাত্ৰকে তৎক্ষণাত নৱ নিৰ্মাণ সমিতিক ফোন কৰি জনোৱাৰ আহ্বান সমিতিৰ ।নিচাজাতীয় নিষিদ্ধ দ্ৰব্যৰ পৰা নৱ প্ৰজন্মক আঁতৰাই অনাৰ লক্ষ্যৰে এই কাৰ্যসূচী ৰূপায়ন ।আনহাতে দৰিদ্ৰতা যাতে উচ্চ শিক্ষাৰ হেঙাৰ হ’ব নোৱাৰে তাৰ বাবেও নতুনকৈ গঠন হোৱা নৱনিৰ্মাণ সমিতিয়ে দৃষ্টি ৰাখিব আৰু সঠিক পদক্ষেপ ল’ব বুলি সাংবাদিকৰ আগত অৱগত কৰে নৱনির্মাণ সমিতিয়ে ।

বৰপেটা, সেখ ৰহমত উল্লাহ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here