মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত দন্দুৱাত আছুৰ ছেনিটাইজেচন কাৰ্যসূচী

0
79

মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত দন্দুৱাত আছুৰ ছেনিটাইজেচন কাৰ্যসূচী

আমাৰ সময়ঃ আংশিকভাবে অব্যাহত আছে মহামাৰী কৰ’ণাৰ দ্বিতীয়টো ঢৌ । প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা। এনে পৰিস্থিতিত ভিন্ন দল-সগঠনৰ লগতে ব্যক্তিগতভাৱেও বহুজনে লৈছে উল্লেখনীয় পদক্ষেপ । বৃহস্পতিবাৰে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ আহ্বানত আৰু মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ উদ্যোগত সদৰৰ এলেকাধীন অঞ্চলসমূহত শাখা-উপশাখাৰ সহযোগত গ্ৰহণ কৰে ছেনিটাইজেচন কাৰ্যসূচী ।
দন্দুৱা শাখা ছাত্ৰ সন্থাৰ সভাপতি মনোজ নাথ আৰু সাধাৰণ সম্পাদক লক্ষ্যজ্যোতি বৰাৰ নেতৃত্বত দন্দুৱা অঞ্চলৰ বিভিন্ন ঠাইত কৰা হয় ছেনিটাইজেচন ।এই কাৰ্যসূচীত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি কুঞ্জ বৰা, দন্দুৱা আছুৰ উপদেষ্টা নিকুঞ্জমনি নাথৰ লগতে আন কেইবাজনো আছুৰ সদস্য উপস্থিত থাকে ।তেওঁলোকে অঞ্চলটোত ছেনিটাইজেচন কৰাৰ লগতে অঞ্চলটোৰ লোকসকলক সজাগ-সচেতন আৰু ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনায় ।ইয়াৰ লগতে ১৮ বছৰৰ উৰ্ধৰ সকলো লোকক ক’ভিড ভেকচিন প্ৰদান কৰিব পৰাকৈ পৰ্যাপ্ত পৰিমানে ভেকচিন মজুত ৰাখিবলৈও দাবী জনায় চৰকাৰক ।
আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা পতাৰ সন্দৰ্ভতো অসম চৰকাৰক দাবী জনাই মৰিগাঁও জিলা আছুৰ উপ সভাপতি কুঞ্জ বৰাই ।

মৰিগাঁও,
পিংকু দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here