কণমানি ত্ৰিদিশাক পুখুৰীলৈ দলিয়াই হত্যা নিজ মাতৃৰ

0
127

কণমানি ত্ৰিদিশাক পুখুৰীলৈ দলিয়াই হত্যা নিজ মাতৃৰ

পৰকীয়া প্ৰেমৰ বাবেই হত্যাৰ বলি হ’ল কণমানি ত্ৰিদিশা

আমাৰ সময়ঃ শিৱসাগৰত আজৱ ঘটনা। মাতৃয়ে হত্যা কৰিলে কন্যাক । শিৱসাগৰৰ শিশু হত্যা ঘটনাৰ নতুন তথ্য পোহৰলৈ আহিছে৷ পৰকীয়া প্ৰেমৰ বাবেই হত্যাৰ বলি হ’ল শিৱসাগৰ জিলাৰ শ’লগুৰিৰ ত্ৰিদিশা নামৰ কণমানি । ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ২নং শ’লগুৰিৰ পবিত্ৰ শইকীয়া নামৰ এজন লোকক৷জানিব পৰা মতে পেছাত ৰাজমিস্ত্ৰী তথা এটা সন্তানৰ পিতৃ পবিত্ৰই যোগালী হিচাপে কাম কৰিছিল মধু নাথৰ সৈতে । সেই সূত্ৰেই জোনালী নাথৰ লগত পৰকীয়া প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল পবিত্ৰৰ ৷ যাৰ বাবে মধু নাথ আৰু জোনালী নাথৰ পাৰিবাৰিক সংঘাত আৰম্ভ হৈছিল ৷ এই সংঘাতৰ কৰুণ পৰিণতিত হত্যাৰ বলি হ’ব লগা হ’ল ৫ বছৰীয়া ত্ৰিদিশা ৷ মাতৃ জোনালী নাথে পুখুৰীলৈ দলিয়াই হত্যা কৰিছিল কণমানি ত্ৰিদিশাক৷ জোনালী নাথৰ ফোন ক’লৰ ভিত্তিত অনুসন্ধান কৰি গ্ৰেপ্তাৰ কৰা হৈছে পবিত্ৰ শইকীয়াক৷ বৰ্তমান শিৱসাগৰ সদৰ আৰক্ষী থানাত সোধা-পোছাৰ অন্তত পবিত্ৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

শিৱসাগৰ,জিতুল খান।

LEAVE A REPLY

Please enter your comment!
Please enter your name here