চিলাপথাৰত জব্দ অবৈধ সুৰা

0
91

চিলাপথাৰত জব্দ অবৈধ সুৰা

আমাৰ সময়ঃ ক’ভিডসৃষ্ট ভয়ানক পৰিস্থিতিৰ  মাজতে অব্যাহত আছে অবৈধ সুৰাৰ সৰবৰাহ । বুধবাৰে সন্ধিয়া চিলাপথাৰত জব্দ হ’ল বিশাল পৰিমানৰ অবৈধ সুৰা । ধেমাজি আবকাৰী বিভাগৰ এটি দলে চিলাপথাৰৰ লিকাবালি পেট্ৰল পাম্পৰ সমীপত ৰখাই থোৱা এখন ট্ৰাকৰ পৰা জব্দ কৰে অবৈধ সুৰা। উল্লেখ্য যে লিকাবালিৰ পেট্ৰল পাম্পৰ সমীপত JH 09/N 5684  নম্বৰৰ এখন ট্ৰাক ত্ৰিপালেৰে ঢাকি ৰখা হৈছিল । সেই অৱস্থাত ট্ৰাকখন দেখি সন্দেহাতীত ট্ৰাকখন পৰীক্ষা কৰাত অবৈধ অৰুনাচলী সুৰা ভৰ্তি অৱস্থাত পায় ট্ৰাকখন।

অৰুণাচল প্ৰদেশৰ লিকাবালিৰ পৰা ঝাৰখণ্ডলৈ বুলি নি আছিল সুৰাবোৰ। ট্ৰাকত কমেও চাৰিশ
কেচ সুৰা থকা বুলি আবকাৰী বিষয়াই সদৰি কৰিছে । উল্লেখ্য যে ট্ৰাকখনে ধেমাজি বেৰিয়া মিলৰ পৰা তুঁহ গুৰি কঢ়িওৱাৰ চালান লৈ কৰিছিল এই দুষ্কাৰ্য ৷ পিছে ট্ৰাকৰ ভিতৰত তুঁহৰ মাজত সৰবৰাহ কৰিছিল এই বিশাল পৰিমাণৰ অবৈধ অৰুণাচলী সুৰাবোৰ ৷

ধেমাজি,বিকাশ শইকীয়া ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here