বাক্সাৰ শালবাৰী ফাটেমাবাদ চাহ বাগিচা কৰ্তৃপক্ষৰ অনিয়ম ৷ অৱসৰৰ সাতমাহৰ পিছতো লাভ নকৰিলে প্ৰাপ্য ধন

0
205

আমাৰ সময়; ৩১আগষ্ট ২০২০: বাক্সাৰ শালবাৰী ফাটেমাবাদ চাহ বাগিচা কৰ্তৃপক্ষৰ অনিয়ম ৷ অৱসৰৰ সাতমাহৰ পিছতো লাভ নকৰিলে প্ৰাপ্য ধন ৷প্ৰাপ্য ধন বিচাৰি ব্যতিক্রমী প্ৰতিবাদ এগৰাকী অৱসৰ প্ৰাপ্ত কৰ্মচাৰীৰ ।জীৱনৰ বিয়লিবেলাত অৱসৰ গ্ৰহণ কৰাৰ পিছতো নিজৰ প্ৰাপ্য ধন বিচাৰি পথৰ ওপৰতে বাগৰি কৰিলে প্ৰতিবাদ ৷পি এফৰ ধন বিচাৰি ফাটেমাবাদ চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত অৱসৰপ্ৰাপ্ত শ্ৰমিক ৰাম ইকুৱাল সিংৰ কান্দি কান্দি প্ৰতিবাদ।বাক্সা শালবাৰীৰ ফাতেমাবাদ চাহ বাগিছাৰ পৰা যোৱা মাৰ্চ মাহতে অৱসৰ গ্ৰহণ কৰা ৰাম ইকৱাল সিঙে আজিলৈকে লাভ নকৰিলে নিজৰ সাঁচতীয়া ধন।উল্লেখ্য যে অৱসৰ গ্ৰহণ কৰাৰ পিছত পৰিয়াল পোহ পাল দিয়াত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে দিনকদিনে ৰুগীয়া হৈ পৰিছে শ্ৰমিকজন।সঘনাই কাৰ্যালয়লৈ আহিও কোনো সুফল নোপোৱা ৰুগীয়া শ্ৰমিকগৰাকী আজি ঢলি পৰে কাৰ্যালয়ৰ সন্মুখত।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here