পৰ্য্যটক সকললৈ সু খবৰ

0
264

আমাৰ সময়;২নৱেম্বৰ ২০২০: পৰ্য্যটক সকললৈ সু খবৰ । প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা লাওখোৱা অভয়াৰণ্যৰ পৰ্য্যটনস্থলী কাটাখাল আনুষ্ঠানিক ভাৱে মুকলি পৰ্যটকৰ বাবে আহিছে এক সু খবৰ। আজি পহিলা নৱেম্বৰ দিনাই আনুষ্ঠানিক ভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হ’ল নগাঁও বন্যপ্ৰাণী বিভাগৰ অধীনস্থ লাওখোৱা অভয়াৰণ্য । অভয়াৰণ্য টোৰ সূতিৰপাৰ বীট অফিচৰ নিকটবৰ্তী কাটাখালক পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ সজাই পৰাই তুলিছে বন বিভাগে।কাটাখাল হৈ পৰিছে আকৰ্ষণীয় বনভোজ থলী। আনহাতে দন্দুৱা বিলৰ পাৰকো বনভোজ থলী হিচাপে গঢ়ি তোলা হৈছে। উল্লেখযোগ্য যে যোৱা বাৰো কাটাখাল আৰু দন্দুৱা বিলৰ পাৰ হৈ পৰিছিল স্থানীয় পৰ্যটকৰ অন্যতম আকৰ্ষণ থলী। স্থানীয় পৰ্যটকৰ সোঁত বৈছিল কাটাখাল আৰু দন্দুৱা বিলৰ পাৰলৈ। বন্যপ্ৰাণী বিভাগে মোটা অংকৰ ৰাজহো লাভ কৰিবলৈ সক্ষম হৈছিল। আজিৰ অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক কৰ্মশ্ৰী টি শিবকুমাৰ , নগাওঁ বন্যপ্ৰাণী সংমণ্ডলৰ বনবিষয়া অৰুণ ভিগনেছ, নগাওঁ বন সংমণ্ডল বিষয়া ৰাজেন চৌধাৰী লগতে বিভিন্ন বনসমণ্ডলৰ বনবিষয়া ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here