বাক্সাৰ শালবাৰীত ইউ পি পি এলৰ ‘পৰিবৰ্ত্তন যাত্ৰা’ৰ সামৰণি

0
272

আমাৰ সময়;৩ নৱেম্বৰ ২০২০:-
         বাক্সাৰ শালবাৰীত ইউ পি পি এলৰ ‘পৰিবৰ্ত্তন যাত্ৰা’ৰ সামৰণি||’পৰিবৰ্ত্তন’ নিশ্চিত– মন্তব্য ইউ পি পি এলৰ যুৱ মৰ্চাৰ সভাপতিৰ।বি টি এডিত এইবাৰ ‘পৰিবৰ্ত্তন’ নিশ্চিত।বি টি এডি পৰিষদীয় নিৰ্বাচনত মুঠ ৪০ টা পৰিষদীয় সমষ্টিতে ইউ পি পি এল দলটোৱে প্ৰতিদ্বন্দিতা কৰিব যদিও আজিৰ তাৰিখত ৩০ ৰ পৰা ৩২ টা সমষ্টিতে ইউ পি পি এল দলে বিজয় সাব্যস্ত কৰি বি টি এ ডি দখল কৰিব বুলি ইউ পি এল দলৰ সপ্তাহজোৰা ‘পৰিবৰ্ত্তন যাত্ৰা’ৰ অন্তত আজি শালবাৰী মহকুমাৰ অন্তৰ্গত বাহবাৰী প্ৰাথমিক কমিটীৰ অন্তৰ্গত বাটাবাৰী গাঁৱত পৰম আত্মপ্ৰত্যয়েৰে সাংবাদিকৰ আগত এই কথা ব্যক্ত কৰে ইউ পি পিল এ দলৰ যুৱ‌ মৰ্চাৰ সভাপতি সোমনাথ নাৰ্জাৰীয়ে। শালবাৰী মহকুমাৰ চূণবাৰী,বাহবাৰী,এলেঙামাৰী,ৰাঘবিল আদিকে ধৰি সপ্তাহটোত শতাধিক গাঁৱৰ আৰু সাতদিনজুৰি কৰা যাত্ৰাৰ অন্তত তেওঁলোকে অঞ্চলটোৰ জনসাধাৰণৰ সুখ,দুখ আৰু অভাৱ অভিযোগৰ বুজ লোৱাৰ কথা উল্লেখ কৰে।এই ক্ষেত্ৰত সুদীৰ্ঘ ১৭ বছৰীয়া বি পি এফৰ শাসনৰ প্ৰতি অঞ্চলটোৰ ৰাইজে বীতশ্ৰদ্ধ হৈ উঠাৰ বিষয়েও সদৰি কৰে ইউ পি পি এল দলৰ যুৱ নেতাগৰাকীয়ে।
উল্লেখ্য আজি দিনৰ প্ৰায় ১১ বজাত শালবাৰী মহকুমাৰ চুণবাৰী প্ৰাথমিক কমিটীৰ অন্তৰ্গত উত্তৰ গোৱৰ্দ্ধনা হাইস্কুল খেলপথাৰৰ পৰা শঙ্খ,ঘণ্টা আৰু বাদ্যধ্বনিৰ মাজতে আজিৰ ‘পৰিবৰ্ত্তন যাত্ৰা’ৰ অন্তিম দিনটোৰ‌ যাত্ৰাৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ ইউ পি পি এল দলৰ মনোনীত প্ৰাৰ্থী বিনোদ মুছাহাৰীয়ে।প্ৰায় দেৰ হাজাৰৰো অধিক পদযাত্ৰীয়ে এই যাত্ৰাকালত প্ৰাৰ্থীগৰাকীক সঙ্গ দিয়া পৰিলক্ষিত হয়।|

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here