শিৱসাগৰত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

0
192

আমাৰ সময় ; ৪ নৱেম্বৰ ২০২০: শিৱসাগৰত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ আকাশলংঘী দামৰ প্ৰতিবাদত এই কাৰ্য্যসূচী ৷
ৰন্ধনগেছকে আদিকৰি সকলো ধৰণৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শিৱসাগৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷
মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ শিৱসাগৰ যোগান বিভাগৰ ওপৰত ক্ষুব্ধ হৈ প্ৰতিবাদী সকলে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত থকা যোগান বিভাগৰ কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত বহিও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ।
প্ৰতিবাদকাৰী সকলে বিজেপি গ’ বেক, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা যোগান বিভাগ গ’ বেক, যোগান মন্ত্ৰী হায় হায় আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here