অসম ৰাজ্যিক পৰিবহন নিগমৰ মাটি বনিক গোষ্ঠীক প্ৰদানৰ অভিযোগ তুলি প্ৰতিবাদ

0
283

আমাৰ সময় ; ২০ নৱেম্বৰ : অসম ৰাজ্যিক পৰিবহন নিগমৰ মাটি বনিক গোষ্ঠীক প্ৰদানৰ অভিযোগ তুলি প্ৰতিবাদ ৷ যোৰহাট নগৰৰ বৰুৱা চাৰিআলিস্থিত ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ মাটি যোৰহাট প্ৰশাসনে বনিক গোষ্ঠীক দিয়াৰ তীব্ৰ প্ৰতিবাদ যোৰহাটত ৷ অসম ৰাজ্যিক পৰিবহন নিগমৰ ভূমি বনিক গোষ্ঠীক প্ৰশাসনে প্ৰদান কৰা বুলি দাবী কৰি তীব্ৰ প্ৰতিবাদ খিলঞ্জীয়া অধিকাৰ সংগ্ৰাম সমিতি, সন্মিলিত লাচিত সেনা,আৰু অসম জাতীয়তাবাদী যুৱ সন্মিলনীৰ ৷ প্ৰতিবাদী সকলে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷
আনন্দ চন্দ্ৰ আগৰৱাল নামৰ এজন ব্যক্তিয়ে তেওঁৰ পৰিয়ালৰ নামত এটা ন্যাস খুলি নিজৰ দেউতাকক এজন সমাজ কৰ্মী সজোৱাৰ নামত চৰকাৰী ভূমি দখল কৰিছে বুলি অভিযোগ কৰিছে প্ৰতিবাদকাৰী সকলে ৷
যোৰহাটৰ কেইবা ঠাইতো পেইড টয়লেট নিৰ্মানৰ অজুহাতত মুল্যৱান চৰকাৰী ভূমি বনিয়াজনৰ ন্যাসত লোৱা বুলি অভিযোগ আনিছে প্ৰতিবাদী সকলে ৷ প্ৰতিবাদী সকলৰ স্পষ্ট মত যে ৰাজ্যিক পৰিবহন নিগমৰ যোৰহাট আস্থানৰ মুল্যৱান ভূমিত নিবনুৱা সংস্থাপনৰ প্ৰবল সম্ভাৱনা থকাৰ পাছতো কৌশলৰে নিবনুৱাক বঞ্চিত কৰি বনিক গোষ্ঠিক ৰঙা দলিচা পাৰি দিছে ৷ এনে অনিয়ম সহ্য কৰা নহব বুলিও সকিয়াই দিয়ে প্ৰতিবাদী সংগঠন কেইটাই ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here