অভয়াপুৰীত মহিলা সন্ধানহীন ||AMARXOMOY||

0
215

অমাৰ সময় ; অনুপজ্যোতি দাস ; ২৮ নৱেম্বৰ : অভয়াপুৰীত মহিলা সন্ধানহীন ৷ কণমাণি কন্যাসহ ২৪ নৱেম্বৰৰ পৰাই সন্ধানহীন হৈ আছে মহিলা গৰাকী ৷ অভয়াপুৰীত কণমাণি কন্যাসহ সন্ধানহীন মহিলা ৷ যোৱা ২৪ নৱেম্বৰৰ পৰাই সন্ধানহীন হৈ আছে মহিলাগৰাকী ৷ বিজুলী ৰায় নামৰ মহিলাগৰাকীৰ লগত আছে এটি বছৰীয়া কন্যা সন্তান ৷ অভয়াপুৰীৰ পাছদুৱাৰত স্বামী প্ৰহ্লাদ ৰায়ৰ সতে বসবাস কৰিছিল মহিলাগৰাকীয়ে ৷ ইতিমধ্যে মহিলাগৰাকীৰ স্বামী প্ৰহ্লাদ ৰায়ে পত্নী নিৰুদ্দেশ সম্পৰ্কে অভয়াপুৰী আৰক্ষীক দাখিল কৰিছে এজাহাৰ ৷ পৰিয়ালে বিভিন্ন ঠাইত বিচাৰ কোচাৰ কৰিছে যদিও বৰ্তমানলৈকে সন্ধান ওলোৱা নাই মহিলাগৰাকীৰ ৷ মহিলাগৰাকীৰ সন্ধান পালে ৬৯০০২৪৪২১০ নম্বৰত নতুবা ওচৰৰ আৰক্ষীৰ সতে যোগাযোগ কৰিবলৈ কাতৰ অনুৰুধ জনাইছে মহিলাগৰাকীৰ স্বামী প্ৰহ্লাদ ৰায়ে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here