0
376

আমাৰ সময় ; মনজিৎ হাজৰিকা ; ২৯ নৱেম্বৰ : তিতাবৰত আজিও অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ৷ ৪০ – ৫০ জনীয়া বন্যহস্তীৰ দলে চলাইছে উপদ্ৰৱ ৷ খাদ্যৰ সন্ধানত পুনৰ তিতাবৰৰ বাগিচা অঞ্চলত বন্যহস্তীৰ প্ৰবেশ ৷ এটা ৪০-৫০ জনীয়া বনৰীয়া হাতীৰ জাক তিতাবৰৰ বাগিচাত প্ৰবেশ কৰাত আতংকিত হৈ পৰিছে বাগিচাখনৰ বাসিন্দা ৷ তিতাবৰ ৰঙাজান, বোকাহোলা, খৰিকটীয়া বাগিচাত আশ্ৰয় গ্ৰহন কৰিছে এই হাতীৰ দলটোৱে ৷ নিশা তিতাবৰ নগৰতো প্ৰবেশ কৰিছে বন্যহস্তীৰ দলটোৱে ৷ খাদ্যৰ সন্ধানত মৰিয়নীৰ গিৱন অভয়াৰণ্যৰ পৰা ওলাই আহিছে এই দলটো ৷ বন্য হস্তীৰ দলটোক খেদি পঠোৱাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ বন বিভাগ ৷ পূৰ্ব্বে তিতাবৰত হাতীৰ কৰিডৰৰ সমীপত থকা ৰেলৰ গেট কেইখনত ইলেক্ট্ৰনিক শব্দ প্ৰবাহিত হাতী খেদোৱা যন্ত্ৰ ব্যৱহাৰ কৰাত সু-ফল পাইছিল যদিও বৰ্তমান যন্ত্ৰ কেইটা বিকল হৈ থকাত বৃদ্ধি পাইছে হাতাৰ উপদ্ৰৱ ৷
ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বাগিচাৰ মজদুৰৰ লগতে স্থানীয় ৰাইজৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here