নলবাৰীত পুনৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

0
200

নলবাৰীত পুনৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

আজি পুৱাই উদ্ধাৰ হ’ল এটি মৃতদেহ

মৃতদেহটো উদ্ধাৰ হয় ঢেকিয়াবাৰী দলঙৰ তলত

আমাৰ সময়ঃ নলবাৰী জিলাৰ কৈঠালকুছি পথৰ বালিকৰিয়াৰ ঢেকিয়াবাৰীত আজি পুৱাই উদ্ধাৰ হ’ল এটা মৃতদেহ । পুৱা প্ৰাতঃ ভ্ৰমণলৈ অহা লোকে ঢেকিয়াবাৰীৰ দলঙৰ তলত মৃতদেহটো প্ৰত্যক্ষ কৰে । উল্লেখ্য যে মৃতদেহটো নলবাৰী জয়মঙলাৰ ছাইফুদ্দিন আহমেদৰ পুত্ৰ ৰুহুল আলীৰ বুলি জানিব পৰা গৈছে ।
স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় নলবাৰী আৰক্ষী ।
ইয়াৰ পাছতে নলবাৰীৰ চক্ৰ বিষয়াৰ উপস্থিতিত মৃতদেহটো শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ।

পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে । ২২ বছৰীয়া পুত্ৰৰ এনে অকাল মৃত্যুত শোকত ভাগি পৰিছে মাতৃ ।

নলবাৰী, ধীৰাজ তালুকদাৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here