চৰণতে ধৰিছোঁ আপোনালোকৰ ‘ আজি ২০ দিন আমাৰ খোৱা বোৱা বন্ধ ,অন্ধবিশ্বাসৰ অপবাদ
এটা বামুণৰ বাবে ২০ দিনকৈ মানসিক অশান্তি এটা পৰিয়ালৰ
কাৰণটো শুনিলে আপোনাৰো চকু কপালত উঠিব
২০ দিন ধৰি এঘৰ মানুহৰ হোৱা আৰু খোৱা বোৱা সকলো বন্ধ ঘৰত থাকিবলৈ ভয় কাৰণ ঘৰত থাকে এডাল সাপ । মানুহ ঘৰত সাপ ওলাই থকাৰ বাবে এজন বেজে কৰিবলৈ দিলে কিছুমান নিয়ম আৰু কিছুমান সকাম কিন্তু তেওঁৰ নিয়ম কৰাৰ পিছত ও সাপ ডাল মানুহ ঘৰৰ পৰা নগ’ল। এই ঘটনা লাহোৱালৰ । শেষত উপায়হীন হৈ মানুহ ঘৰে ফোন কৰিলে ৰেচকিউ টিমক । আৰু কান্দি কান্দি পৰিয়ালটোয়ে অনুৰোধ কৰে এই বিপদৰ পৰা উদ্ধাৰ কৰি দিবলৈ ।
আৰু ৰেচকিউ টিম আহি দেখে এডাল ধুন্দুলি গোম সাপে তেওঁলোকৰ ঘৰখনত নিগনি বেছি থকাৰ বাবে মাজে সময়ে খাদ্য বিচাৰি আহি থাকে । প্রায় সময়খিনি সাপ ডাল আৰু পৰিয়ালটোৰ সংঘাত হয় । অৱশেষত ৰেচকিউ টিমে সাপ ডাল মানুহ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এতিয়া কথাটো হ’ল বেজ বা গণকে নিয়ম কৰি সাপৰ মন্ত্ৰ আৰু তন্ত্ৰ কৰি সাপ পৰিকল্পনা জানো যুক্তিসন্মত ?
কেতিয়াও নহয় এইবোৰে হৈছে অন্ধবিশ্বাস আৰু ইয়াৰ বাবে বহুতো মানুহে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে। প্ৰথম কথা সাপ ডাল মানুহ ঘৰৰ ভিতৰত সোমোৱাৰ কাৰণ হৈছে খাদ্য আৰু তাৰ কাৰণে থাকিবলৈ পৰা বাসস্থান যিবোৰ আমি ঘৰত অদৰকাৰী জাবৰ বোৰ গোটাই থৈ দি কৰোঁ।