‘অনীহা’ শীৰ্ষক চুটি ছবিলৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান

0
156

‘অনীহা’ শীৰ্ষক চুটি ছবিলৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান

শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অনীহাৰ পৰিচালক পূৰৱ আৰু মৃগাঙ্কলৈ

আমাৰ সময়ঃ অসমত যুৱ প্ৰতিভাৰ যে অভাৱ নাই সেই কথা পুনৰ প্ৰমাণ কৰি দেখুৱালে যোৰহাটৰ দুই যুৱকে । সৃষ্টিশীল আৰু যোগাত্মক কৰ্মৰাজিৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বহুবাৰ সক্ষম হৈছে অসমৰ যুৱপ্ৰজন্ম। পুনৰবাৰ অসমৰ প্ৰতিভাৰ এক উজ্জ্বল নিদৰ্শন দেখুৱালে সাংস্কৃতিক নগৰ যোৰহাটৰ দুই যুৱকে।এই দুই যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠা এখন চুটি ছবিয়ে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আন্তঃৰাষ্ট্ৰীয় মহলত।এটা গছ পুলি ৰুৱাৰ ওপৰত নিৰ্মাণ কৰা ‘অনীহা’ শীৰ্ষক চুটি ছবিয়ে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত ( RIFF)।

যোৰহাটৰ পৰা নিৰ্মাণ কৰা চুটি ছবি “অনীহা”ৰ পৰিচালক পূৰৱ আৰু মৃগাঙ্কলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান। যোৰহাটৰ N.J. Production ৰ বেনাৰত নিৰ্মিত চুটি ছবি “অনীহা” ৰ পৰিচালক নৱ প্ৰজন্মৰ দুজন প্ৰতিভা, যোৰহাট স্প্ৰিংডেল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ পূৰৱ শৰ্মা আৰু যোৰহাটৰে এজন প্ৰতিভাবান যুৱক মৃগাঙ্ক মাইনা ।তেওঁলোকে ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত ( RIFF) ভাৰতীয় চুটি ছবি শিতানত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰি যোৰহাট তথা ৰাজ্যলৈ কঢ়িয়াই আনিছে গৌৰৱ। প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডৰ অন্তত বিচাৰকসকলে পূৰৱ আৰু মৃগাঙ্কক ভাৰতীয় চুটি ছবি শিতানত শ্ৰেষ্ঠ পৰিচালক হিচাবে ঘোষণা কৰে । আনহাতে, “অনীহা” শীৰ্ষক চুটি ছবিখনে ইতিমধ্যে ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলে অনুষ্ঠিত কৰিবলগীয়া এক সন্মানীয় Golden shell Award ৰ বাবেও মনোনয়ন লাভ কৰিছে।

N.J. Production ৰ বেনাৰত নয়ন জ্যোতি শৰ্মাৰ প্ৰযোজনাত যোৱা ৫ জুনত বিশ্ব পৰিৱেশ দিৱসৰ দিনা মুক্তি পোৱা  “অনীহা” চুটি ছবিখন আছিল পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ প্ৰতি মানুহৰ থকা অনীহা তথা অনিচ্ছাৰ ওপৰত আধাৰিত।ছবিখনত অভিনয় কৰিছিল-মানবেন্দ্ৰ শৰ্মা, চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মাই। সহযোগী পায়েল শৰ্মা। পৰিৱেশ সুৰক্ষাৰ প্ৰতি জনগণক সজাগ কৰাৰ প্ৰচেষ্টাই পূৰ্ণৰূপ পালে ছবিখনত ।

news desk.

LEAVE A REPLY

Please enter your comment!
Please enter your name here