‘আপোন ঘৰ’ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বাবে ৩৮.৫০ কোটি টকা মুকলি

0
132

ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ

‘আপোন ঘৰ’ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বাবে ৩৮.৫০ কোটি টকা মুকলি

ৰাজ্যৰ কৰ্মচাৰীসকল উপকৃত হব পৰাকৈ বিত্ত বিভাগৰ ৩৮.৫০ কোটি টকা অনুমোদন

আমাৰ সময়ঃ লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰা ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা ‘আপোন ঘৰ’ আঁচনিৰ অধীনত ঋণৰ বিপৰীতে দিবলগীয়া সুদৰ অংশ আদায় কৰিব পৰা নাছিল।চৰকাৰী কৰ্মচাৰীসকলে গৃহ নিৰ্মাণৰ বাবে ‘আপোন ঘৰ’ আৰু সন্তানৰ উচ্চ শিক্ষাৰ বাবে ‘বিদ‍্যালক্ষ্মী’ আঁচনিৰ সুবিধা লাভ কৰিছিল বিজেপি মিত্ৰজোঁটৰ প্ৰথমখন চৰকাৰৰ অধীনত।কিন্তু এই ঋণৰ বাবদ দিবলগীয়া সুদৰ হাৰ ১৪ মাহৰো অধিক কাল আদায় কৰা হোৱা নাছিল। বিগত ২২ জুনত,ৰাজ‍্যিক কৰ্মচাৰীসকল উপকৃত হ’ব পৰাকৈ আপোন ঘৰ আঁচনিৰ হিতাধিকাৰীৰ ঋণ আদায়ৰ বাবে বিত্ত বিভাগে অনুমোদন জনায় ৩৮.৫০ কোটি টকা।

কৰ্মচাৰীসকলে কেইবামাহো ধৰি আঁচনিখনৰ সুদৰ হাৰ ৰেহাই নোপোৱা বিষয়টো বিত্ত বিভাগৰ দৃষ্টিগোচৰ হোৱাত বিভাগীয় মন্ত্ৰী অজন্তা নেওগে বিষয়টোক লৈ প্ৰতিবেদন বিচাৰে।আনহাতে এই বিষয়টোৰ গুৰুত্ব অনুভৱ কৰি বিত্ত বিভাগে ৩৮.৫০ কোটি টকাৰ অনুমোদন জনায়। ইফালে এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰায় ৩১ হাজাৰ ৯৯৬ গৰাকী লোক উপকৃত হোৱাটো এক গুৰুত্বপূৰ্ণ বিষয়।পূৰ্বতে এই আঁচনিৰ অধীনত ২০১৭-১৮ বিত্তীয় বৰ্ষত ৫কোটি টকা,২০১৮-১৮ বিত্তীয় বৰ্ষত ৭০ কোটি টকা আৰু ২০১৯-২০ বৰ্ষত ৪৯.২৪ কোটি টকা মুকলি কৰি দিয়া হৈছিল।লগতে এই আঁচনিৰ জৰিয়তে এজন লোকে সৰ্বাধিক ১৫লাখ টকা ঋণ লাভৰ সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত হয়। আনহাতে বিত্ত বিভাগৰ এই আঁচনিৰ ঋণ ৰেহাইৰ বাবে ৩৮.৫০ কোটি টকা অনুমোদনৰ বিষয়ে এক প্ৰেছ বিবৃত্তি আৰু টুইটযোগে প্ৰকাশ কৰিছে সমাজ কল‍্যাণ বিভাগ আৰু বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগে।

news desk

LEAVE A REPLY

Please enter your comment!
Please enter your name here