বিগত ৪৫ দিনে কৃত্ৰিম বানৰ কবলত এখন গাঁও

0
89

বিগত ৪৫ দিনে কৃত্ৰিম বানৰ কবলত এখন গাঁও

এজন লাট মণ্ডলৰ স্বাৰ্থৰ বাবে যমৰ যান্ত্ৰনা ৰাইজৰ

জীয়াতু ভূগিছে গাঁওখনৰ ৩৫০ টা পৰিয়ালে

আমাৰ সময়ঃ  বিগত ৪৫ দিন ধৰি কৃত্ৰিম বানৰ কবলত গাঁওখন । বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা গৰাইমাৰী গাঁও পঞ্চায়তৰ অধীনৰ ২ নং জামদহা গাঁওখন একাঁঠু পানীৰ তলত  । উল্লেখ্য যে গড়কাপ্তানী বিভাগে গাঁওখনৰ পথটো মেৰামতি কৰাৰ সময়ত তিনিটাকৈ পানী ওলাই যোৱা নলা বন্ধ কৰি দিয়ে । আনহাতে গাঁওখনৰ অখিল চন্দ্ৰ ৰয় নামৰ বিজনী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডলৰ এক কাণ্ডই জীয়াতু ভোগাইছে ৰাইজক । লাট মণ্ডলে এটা পুখুৰী খান্দি পুখুৰীৰ কাষেৰে জমা হোৱা পানী ওলাই যোৱা কালভাৰ্ট বন্ধ কৰি থোৱাৰ ফলত সমগ্ৰ গাঁওখনৰ প্ৰায় ৩৫০ টা পৰিয়ালৰ প্ৰায় ২০০০ জন লোক বানৰ কবলত ।

স্থানীয় লোকসকলে বঙাইগাঁও গড়কাপ্তানী বিভাগৰ বিষয়া, বঙাইগাঁও জিলা উপাযুক্ত, চক্ৰ বিষয়া, স্থানীয় উত্তৰ অভয়াপুৰী আৰু বঙাইগাঁও সমষ্টিৰ বিধায়কদ্বয়ক লগ কৰি উক্ত সমস্যাৰ বিষয়ে অৱগত কৰাৰ লগতে লিখিতভাৱে আবেদন কৰিও বিগত ডেৰমাহে কোনো সহাঁৰি পোৱা নাই গাঁওখনৰ ৰাইজে ৷

উক্ত অভিযোগৰ পাছত বিজনী ৰাজহচক্ৰ বিষয়া, মানিকপুৰ আৰক্ষী বিষয়া তথা গড়কাপ্তানী বিভাগৰ মানিকপুৰৰ বিষয়া আৰু জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াই গাঁওখনৰ সমস্যা পৰিদৰ্শন কৰিছিল যদিও আজিলৈ সুফল নাপালে গাঁৱৰ শ শ লোকে । যাৰ বাবে ঘৰে ঘৰে এতিয়া এতিয়া একাঁঠু পানী ৷ এনে পৰিস্থিতিত চৰম দুৰ্ভোগ ভূগিছে অঞ্চলবাসীয়ে ।

বঙাইগাঁও, অনুপজ্যোতি দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here