বাঁহ শিল্পী নকুল দাসৰ দুৰৱস্থা

1
104

বাঁহ শিল্পী নকুল দাসৰ দুৰৱস্থা

বাক্সা জিলাৰ শালবাৰীৰ গোৱৰ্দ্ধনাৰ বাঁহ শিল্পী নকুল দাস

আমাৰ সময়ঃ কৰ’ণাই ত্ৰস্তমান কৰিছে ৰাজ্যবাসীক । অসংখ্য লোকৰ জীৱন জীৱিকালৈ লৈ আহিছে ভাবুকি । একেদৰে বাঁহ শিল্পীসকলৰ জীৱন জীৱিকাটো বাৰুকৈয়ে প্ৰভাৱ পেলাইছে মহামাৰী কৰ’ণাই । বাক্সা জিলাৰ শালবাৰীৰ গোৱৰ্ধনাৰ বাঁহ শিল্পী নকুল দাস । বাঁহ শিল্পী নকুল দাসৰ দুৰৱস্থা দেখিলে চকুলো টুকিব আপুনিও। এসময়ত বিভিন্ন ঠাইত বাঁহ শিল্পী হিচাপে প্ৰসিদ্ধ লাভ কৰা নকুল দাসৰ যেন আজি নাই বিশেষ চিনাকি ৷ একালৰ বাঁহ শিল্পী গৰাকীয়ে আজি মিস্ত্ৰী হিচাপে জীৱন নিৰ্বাহ কৰি পৰিয়াল চলাবলগীয়া হৈছে ৷

১৯৮০ চনৰ পৰাই গোৱৰ্ধনাৰ নকুল দাসে বাঁহৰ পৰা তৈয়াৰী ভিন্ন সামগ্ৰী যেনে ম’হৰ মুখা, হৰিণৰ মুখা, ফুলদানি, ধূপদানি, নিমখদানি, ট্ৰে, লাইট আদি বনাই বিভিন্ন প্ৰান্তত বিক্ৰী কৰি প্ৰচুৰ সমাদৰ লাভ কৰাৰ উপৰিও সুন্দৰকৈ পৰিয়াল পোহপাল দি আছিল ।

কিন্তু সম্প্ৰতি প্ৰয়োজনীয় বাঁহৰ অভাৱৰ লগতে কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে যাতায়াত বন্ধ হৈ পৰাত এতিয়া নকুল দাসে ত্যাগ কৰিবলগীয়াৰ উপক্ৰম হৈছে এই বাঁহ শিল্পৰ কাম । এতিয়া নকুল দাসৰ জীৱন-জীৱিকালৈ নামি আহিছে অশনি সংকেট ।

নলবাৰী,ধীৰাজ তালুকদাৰ ।

1 COMMENT

  1. এনে বাতৰিয়ে আমাক প্ৰেৰণা দিয়ে ৷আমাৰ সময় সকলো সময়তে ধনাত্মক বাতৰি দি যাব আামাক

LEAVE A REPLY

Please enter your comment!
Please enter your name here