নৰেন্দ্ৰ মোদীৰ Bamboo Painting কৰি Asia Book of Records আৰু India Book of Records ত স্থান দখল

0
82

নৰেন্দ্ৰ মোদীৰ Bamboo Painting কৰি Asia Book of Records আৰু India Book of Records ত স্থান দখল

মূৰত পৰিহিত টুপীৰে অংকন কৰিলে ভিন্নজনৰ ছবি

আমাৰ সময়ঃ অসমত যে প্ৰতিভাৰ অন্ত নাই,সেই কথা পুনৰ প্ৰমাণ কৰি দেখুৱালে চিৰাঙৰ এইজন যুৱকে ।চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সুভাষ নগৰ ১নং ৱাৰ্ডৰ বাসিন্দা সৌৰভ বৰ্মন । হাতৰ সলনি মূৰত পিন্ধা টুপীৰ সহায়ত ওলোটাকৈ আঁকি উলিয়াইছে ভিন্নজনৰ ছবি । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, প্ৰমোদ বড়ো,অৰূপ কুমাৰ দে, চনু ছুড,বিৰাট কোহলি আদি ভালে সংখ্যক বৰেণ্য ব্যক্তিৰ ছবি অংকন কৰি লাভ কৰিছে সমাদৰ ।

     উল্লেখ্য যে Pollution Testing centre এটাত কৰ্মৰত সৌৰভে আজৰি সময়ত ইউটিউব,ফেচবুকত ভিডিঅ’ চাই ছবি অংকনৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু পৰৱৰ্তীসময়ত লক ডাউনৰ মাজতেই মূৰত পিন্ধা টুপীত তুলি লগাই ওলোটাকৈ ছবি অংকন কৰিবলৈ আৰম্ভ কৰে সৌৰভ বৰ্মনে । ইতিমধ্যে সৌৰভে ভালেকেইগৰাকী বৰেণ্য ব্যক্তিৰ ছবি অংকন কৰাৰ উপৰিও বাঁহৰ কাঠিৰে অংকন কৰি উলিয়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ Bamboo Painting , যাৰ বাবে Asia book of records আৰু India book of recordsত স্থান দখল কৰিবলৈও সক্ষম হৈছে প্ৰতিভাৱান যুৱক সৌৰভে । ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি,খেল জগতৰ তাৰকা,ছবিজগতৰ অভিনেতা আদি ভিন্ন ব্যক্তিৰ ছবি অংকন কৰা সৌৰভে | শেহতীয়াকৈ WORLD RECORD কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । আৰু ইতিমধ্যে তাৰ অনুশীলনো অব্যাহত ৰাখিছে প্ৰতিভাৱান যুৱক সৌৰভ বৰ্মনে। আমাৰ সময়ৰ তৰফৰ পৰাও প্ৰতিভাবান যুৱক সৌৰভলৈ থাকিল অশেষ শুভকামনা ।

চিৰাং, হেমলেট চন্দ্ৰ ৰায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here