ফিংগাৰ প্ৰিণ্ট লৈ ধন আত্মসাৎ/একাউণ্টত অবৈধভাৱে ধন সুমুৱাই আত্মসাৎ কৰে ধন

0
97

ফিংগাৰ প্ৰিণ্ট লৈ ধন আত্মসাৎ

সহজ সৰল মহিলাৰ একাউণ্টৰ পৰা ধন আত্মসাতৰ অভিযোগ

আমাৰ সময়ঃ একাউণ্টত অবৈধভাৱে ধন সুমুৱাই আত্মসাৎ কৰে ধন |এই ঘটনা সংঘটিত হৈছে জাজৰীত।গেন্ধুৱা পথাৰত অবৈধ ধন সুমুৱাই একাউন্টৰ পৰা ধন আত্মসাৎ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।কম দিনত ধনী হোৱাৰ মানসিকতাই সমাজত অপৰাধ প্ৰৱণতা বৃদ্ধি কৰি আহিছে। আৰু এনে মানসিকতাৰ বাবে বহু লোক নামি পৰিছে লুণ্ঠন, চুৰি, ডকাইতি, ছাত্ৰ বৃত্তিৰ ধন আত্মসাতৰ দৰে জঘন্য কাণ্ডত। তেনে এক ঘটনা সংগঠিত হৈছে নগাওঁ জিলাৰ জাজৰী থানাৰ অন্তৰ্গত গেন্ধোৱা পথাৰ গাঁৱত। গাঁও খনৰ প্ৰায় অৰ্ধ শতাধিক মহিলাক স্থানীয় খণ্ড উন্নয়ন বিষয়া কার্যলয়ৰ অধীনৰ পি আৰ আই প্ৰজেক্ট কৰ্ডিনেটৰ মুর্শিদা বেগমে অৰুনোদয় আঁচনিকে আদি কৰি পঞ্চায়তৰ মাধ্যমেদি অহা আঁচনিৰ ধন সুমুৱাই দিয়াৰ প্ৰলোভনেৰে পঞ্জাৱ নেচনেল বেংকৰ শিঙাৰী শাখাত একাউণ্ট খুলি দিয়ে।আৰু এই সকল সহজ সৰল মহিলা সকলৰ পাচবুক এ,টি, এম কাৰ্ড নিজৰ হাততে ৰাখি থয়।পৰৱৰ্তী পৰ্যায়ত একাউন্টত ধন সোমাইছে নেকি বুলি ঘৰে ঘৰে গৈ ইতিমধ্যে জালিয়াতিৰে সুমুৱাই দিয়া বিভিন্ন আঁচনিৰ ধন কৌশলেৰে উঠাই নি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য যে মুর্শিদা বেগমে নিজৰ নামত ফিনো পেমেণ্ট বেংকৰ চি এছ পি খুলি এনে দুৰ্নীতি সংঘটিত কৰি আহিছে বুলিও একাংশই অভিযোগ তুলিছে। এই লৈ মহিলা সকলে ইতিমধ্যে জাজৰী আৰক্ষী থানাত এখনএজাহাৰ দাখিল কৰিছে।আৰু তাৰ পাছতেই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি), ৪০৬, ৪২০ নং ধাৰাত ৪৩/২০২১নং এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।পৰৱৰ্তী সময়ত প্ৰশাসনে মুর্শিদা বেগমৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয়‌ |

বটদ্ৰৱা, কৌশিক ফুকন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here