বৃদ্ধাশ্ৰমৰ ককা-আইতাৰ সৈতে উদযাপন কৰিলে জন্মদিন

0
77

বৃদ্ধাশ্ৰমৰ ককা-আইতাৰ সৈতে উদযাপন কৰিলে জন্মদিন

জন্মদিন উপলক্ষে নগাঁও,মৰিগাঁও আৰু হোজাইত খাদ্য সামগ্ৰী বিতৰণ

আমাৰ সময়ঃ আপুনি বাৰু আপোনাৰ ওপজা দিনটো কেনেদৰে উদযাপন কৰে ! নিশ্চয় বন্ধুবৰ্গৰ সৈতে কোনোবা ভাল হোটেল বা ৰেষ্টোৰালৈ গৈ পাৰ্টি কৰে অথবা ঘৰতে জাকজমকতাৰে কেক কাটি উদযাপন কৰে জন্মদিন । কিন্তু এজন যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস । জাকজমকতাৰ পৰিৱৰ্তে অনাড়ম্বমৰভাবে উদযাপন কৰিলে নিজৰ জন্মদিনটো । সেই ব্যতিক্ৰমী চিন্তাধাৰাৰ যুৱকগৰাকী হৈছে নগাঁও জিলাৰ ধিঙৰ যুৱক নৱজ্যোতি সেন । জন্মদিন উপলক্ষে মৰিগাঁও,নগাঁও আৰু হোজাই জিলাত বিতৰণ কৰিলে খাদ্য সামগ্ৰী ।
নিজৰ জন্মদিন উপলক্ষে দুখীয়া-নিচলা লোকসকলক খাদ্য-সামগ্ৰী যোগান ধৰাৰ উপৰিও মৰিগাঁও জিলাৰ মৈৰাবাৰীস্থিত বৃদ্ধাশ্ৰমত দুপৰীয়া এসাজ খোৱাৰ ব্যৱস্থা কৰে আৰু আশ্ৰমৰ ককা-আইতাৰ লগত মত বিনিময় কৰে যুৱকজনে । নৱজ্যোতি সেনৰ এনে পদক্ষেপক সচেতন মহলৰ লগতে বিভিন্ন দল-সংগঠন আৰু মৈৰাবাৰী প্ৰেছ ক্লাৱে প্ৰশংসা কৰে ।

মৈৰাবাৰী, ইকবাল হুছেইন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here