পুৰণি কাপোৰেৰে ঘৰৰ বেৰ দি কটাইছে জীৱন/ নাই খোৱা পানী,নাই ঘৰ , মন্ত্ৰী-বিধায়কৰ নাই খবৰ

0
118

নিৰ্বাচনৰ সময়ত ভোট লাগে,জয়ী হ’লে পাহৰিয়ে যায় চাগে !

বৰহাট

ৰ সমীপত ভগ্ন জুপুৰিত বসবাস কৰে ১৪-১৫টা পৰিয়াল

পুৰণি কাপোৰেৰে ঘৰৰ বেৰ দি কটাইছে জীৱন
নাই খোৱা পানী,নাই ঘৰ;মন্ত্ৰী-বিধায়কৰ নাই খবৰ

আমাৰ সময়ঃ আপুনি বিশ্বাস কৰিবলৈ টান পাব যে কাপোৰেৰে বেৰ দি বসবাস কৰি আছে এইসকল লোক ৷ কণ-কণ ল’ৰা-ছোৱালীৰে স’তে থাকে একো-একোটা পৰিয়াল ৷ ৰ’দ-বৰষুণক নেওচি অস্বাস্থ্যকৰ পৰিৱেশত জীৱনৰ চৰম নিৰাপত্তাহীনতাৰে বাস কৰা এই সকল লোক কিন্তু এই দেশৰে নাগৰিক ৷ এওঁলোকৰ ভোটৰ বলতেই কোনোবা হয় সাংসদ, মন্ত্ৰী অথবা বিধায়ক ৷ কিন্তু এওঁলোকক উভতি চাবলৈ কাৰোৰে যেন এতিয়া আহৰি নাই ৷

চৰাইদেউ জিলাৰ বৰহাট চাহ বাগিছাৰ সমীপৰ ধোদৰ আলিৰ কাষতেই ভগ্ন জুপুৰিত বসবাস কৰে এনে ১৪-১৫টা পৰিয়াল ৷ বিগত ১০ বছৰৰো অধিক কাল এই ঠাইতেই বসবাস কৰি আহিছে এই কেইটা পৰিয়াল ৷ কিন্তু চৰকাৰৰ কোনো আঁচনিয়েই আজিলৈকে ঢুকি নেপালে এওঁলোকক ৷ নাই শৌচালয়, নাই চৰকাৰী বাসগৃহ , নাই অৰুণোদয়ৰ দৰে কোনো আঁচনিৰ সাহায্য ৷ নাই খোৱা পানীৰ কোনো সু-ব্যৱস্থা ৷

চৰকাৰে ইমানবোৰ আঁচনি ঘোষণা কৰি এইসকল ভোকাতুৰকেই যদি কোনো সুবিধা নিদিয়ে; তেন্তে কাৰ বাবে এই চৰকাৰী আঁচনি ? এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা এমুঠি অন্ন বা এটি বাসগৃহ পোৱাৰ অধিকাৰ এওঁলোকৰ নাইনে ? উল্লেখ্য যে এই কেইটা ভগ্ন জুপুৰীৰ সন্মুখেদিয়েই শীত তাপ নিয়ন্ত্ৰিত গাড়ীত অহা-যোৱা কৰে মন্ত্ৰী- বিধায়ক- সাংসদ ৷ কিন্তু চকুত নপৰে এই কেইটা জুপুৰী ৷ এয়া কেইটামান পৰিয়ালৰ দৃশ্যহে ৷ এনে হাজাৰ বিজাৰ পৰিয়ালে এনেদৰেই বাস কৰি আহিছে সমষ্টিটোৰ ভিন্ন প্ৰান্তত ৷ দূৰ্ভগীয়া এইসকল লোকৰ কথা ভাবিবনে চৰকাৰ বাহাদুৰে ?

এবাৰ চিন্তা কৰিবনে সোনাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ?
নে শ্ল’গানতে সীমাবদ্ধ থাকিব “সব কা সাথ সব কা বিকাশ ”
এইসকল লোকৰ বাবে এয়া এক ডাঙৰ প্ৰশ্ন ৷

বৰহাটৰ পৰা তিলু লাহন |

LEAVE A REPLY

Please enter your comment!
Please enter your name here