চিৰাঙত বিটিআৰৰ উপ কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী

0
104

চিৰাঙত বিটিআৰৰ উপ কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী

আমাৰ সময়ঃ চিৰাঙৰ বিৰ্হান গাঁৱত বিটিআৰৰ উপ কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী । বিৰ্হানগাঁও হাই স্কুলৰ সন্মুখত ২০২০-২১ বিত্তীয় বৰ্ষৰ পঞ্চদশ ফাইনেঞ্চৰ অধিনত মুকলি হোৱা দহ লাখ টকাৰ দুটা কালভাৰ্ট উদ্বোধন কৰে উপ কাৰ্যবাহী সদস্যগৰাকীয়ে। উদ্বোধনী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বিটিআৰৰ উপ কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে ইউপিপিএল দলে শাসনত অহাৰ পাছতে বিটিআৰৰ উন্নয়নৰ বাবে কাম কৰি আছে আৰু অহা বছৰৰ ভিতৰত কোনো ছাত্ৰ-ছাত্ৰীয়ে বৰষুণৰ বাবে যাতে পাঠদানৰ পৰা বঞ্চিত হ’ব লগা নহয় তাৰ বাবে স্কুলৰ মেৰামতিত গুৰুত্ব দিব ।

আনহাতে হাগ্ৰামাই মুখ্য মন্ত্ৰীৰ সৈতে বহা গোপন বৈঠকৰ সন্দৰ্ভত উপ কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে কয় যে হাগ্ৰামা মহিলাৰী নিয়াৰ অধিনত গ্ৰেপ্তাৰ হোৱাৰ ভয়তে মুখ্য মন্ত্ৰীৰ সৈতে গোপনে আলোচনাত মিলিত হৈছে। হাগ্ৰামা মহিলাৰীৰ অৱস্থা ভাল নহয়। বিপিএফ দলৰ হাগ্ৰামা মহিলাৰীয়ে গোপনে মুখ্য মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ’লেও অহা পাঁচ বছৰলৈ বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতাত কোনো অসুবিধা নোহোৱাকৈ কাৰ্যকাল চলাব বুলিও উল্লেখ কৰে বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে।

চিৰাং,হেমলেট চন্দ্ৰ ৰায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here