৪৫বছৰ উৰ্ধৰ লোকসকলক ভেকচিন প্ৰদান

0
84

হোজাইৰ ভিন্ন প্রান্তত প্ৰদান ক’ভিড ভেকচিন

হোজাইৰ যোগিজান উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰদান ক’ভিড ভেকচিন

৪৫বছৰ উৰ্ধৰ লোকসকলক এই ভেকচিন প্ৰদান

আমাৰ সময়ঃ ৰাজ্যৰ কেওপিনে এতিয়া প্ৰদান কৰা হৈছে ক’ভিড ভেকচিন । কৰ’ণাক সৈতে যুঁজিবলৈ প্ৰদান কৰা হৈছে এই ভেকচিন । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ক’ভিড কেয়াৰ চেণ্টাৰত প্ৰদান কৰা হৈছে এই ভেকচিন । একেদৰে হোজাইতো অব্যাহত আছে ক’ভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী । বৰ্তমানে ৪৫ বছৰ উৰ্দ্ধৰ ব্যক্তিসকলক প্ৰদান কৰা হৈছে এই ক’ভিড ভেকচিন । জিলাখনৰ বিভিন্ন স্থানত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ তৎপৰতাত তুংগত উঠিছে ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া ।
হোজাই জিলাৰ ভিন্ন প্ৰান্তৰ লগতে যোগিজান উচ্চ মাধ্যমিক বিদ্যালয়তো চলিছে ক’ভিড ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া । প্ৰথমাৱস্থাত সাধাৰণ ৰাইজে এই ক্ষেত্ৰত পৰ্যাপ্ত সঁহাৰি জনোৱা পৰিলক্ষিত হোৱা নাছিল যদিও পৰিস্থিতি ক্ৰমাৎ জটিল দেখি এতিয়া প্ৰতিদিনে ক’ভিড কেয়াৰ চেণ্টাৰসমূহলৈ সমাগম ঘটিছে সাধাৰণ লোকৰ । সদ্যহতে এইদৰে ক’ভিড ভেকচিন ল’বৰ বাবে ওলাই অহা পৰিলক্ষিত হৈছে ৪৫ৰ উৰ্দ্ধৰ লোকসকলক ।

হোজাই,প্ৰশান্ত দত্ত ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here