কাইলৈৰ পৰা আৰম্ভ হ’ব ক’ভিড প্ৰতিষেধক গ্ৰহণৰ পঞ্জীয়ন

0
199

কাইলৈৰ পৰা আৰম্ভ হ’ব ক’ভিড প্ৰতিষেধক গ্ৰহণৰ পঞ্জীয়ন
১৮ বছৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ বাবে এই পঞ্জীয়নৰ সুবিধা

আমাৰ সময়ঃ কাইলৈৰ পৰা আৰম্ভ হ’ব ক’ভিড প্ৰতিষেধক গ্ৰহণৰ পঞ্জীয়ন | ১৮ বছৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ বাবে এই পঞ্জীয়নৰ সুবিধা | ১৮ বছৰ উৰ্দ্ধৰ ব্যক্তিসকলে দুই ধৰণে কৰিব পাৰিব পঞ্জীয়ন | কৱিন এপ অথবা আৰোগ্য সেতু এপৰ জৰিয়তে কৰিব পাৰিব পঞ্জীয়ন |
নতুবা www.cowin.gov.in আৰু www.aarogyasetu.gov.inতগৈও কৰিব পাৰিব পঞ্জীয়ন |আনহাতে পঞ্জীয়নৰ সময়ত কি কি সমল লাগিব সেয়াও উল্লেখ কৰিছে বিভাগীয় কৰ্তৃপক্ষই | আপোনাক প্ৰয়োজন হ’ব মাত্ৰ ম’বাইল নম্বৰ আৰু আধাৰ নম্বৰ । অথবা অইন যিকোনো বৈধ পৰিচয় পত্ৰৰ সৈতেও কৰিব পাৰিব পঞ্জীয়ন | ইয়াৰ পিছতে আপুনি বাছনি কৰিব লাগিব আপোনাৰ নিকটৱৰ্তী প্ৰতিষেধক কেন্দ্ৰ | প্ৰতিষেধক কেন্দ্ৰৰ পিছতে নিৰ্বাচন কৰিব লাগিব প্ৰতিষেধক প্ৰদানৰ তাৰিখ আৰু এই প্ৰতিষেধক গ্ৰহণ কৰি লাভ কৰক স্বাস্থ্যজনিত নিৰাপত্তা ।
News desk Report,Amarxomoy

LEAVE A REPLY

Please enter your comment!
Please enter your name here