দেৰগাঁৱৰ ভিন্ন প্ৰান্তত খাদ্য সামগ্ৰী বিতৰণ

0
105

দেৰগাঁৱৰ ভিন্ন প্ৰান্তত খাদ্য সামগ্ৰী বিতৰণ

আমাৰ সময়ঃ  কৰ’ণা মহামাৰীৰ এই দুৰ্যোগৰ সময়ত থিয় দিছে ক’ভিড ৰোগী আৰু শ্ৰমজীৱী লোকৰ ওচৰত দেৰগাঁৱৰ কেইবাজনো লোক । দেশজুৰি হোৱা এনে জটিল পৰিস্থিতিৰ সন্ধিক্ষণত হাহাকাৰ পৰিৱেশৰ সন্মুখীন হৈছে শ্ৰমজীৱী লোকসকল। অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত পৰিছে শ্ৰমজীৱী লোকসকল ।চৰকাৰী সাহাৰ্য লাভ কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় ভোক নিবাৰণৰ বাবে । যাৰবাবে এতিয়া চিন্তান্বিত হৈ পৰিছে দৰিদ্ৰ পৰিয়ালৰ লোকসকল । আজি দেৰগাঁও সমষ্টিৰ অন্তৰ্গত কাকডোঙা অঞ্চলত বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী আৰু বিশিষ্ট সমাজকৰ্মী লগতে যুৱ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি পৰেশ গগৈৰ এক উল্লেখনীয় পদক্ষেপ । তেওঁলোকে মহিমা ক’ভিড কেয়াৰ চেন্টাৰ,স্বাস্থ্য কেন্দ্ৰ আদি পৰিদৰ্শন কৰাৰ উপৰিও ক’ভিড আক্ৰান্ত হৈ ঘৰতে আৱদ্ধ হৈ থকা লোকসকলৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী । আনহাতে মহিমা বাগানৰ কন্টেইনমেন্ট জ’নবোৰলৈ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি চলি খাদ্য সামগ্ৰী বিতৰন কৰে প্ৰায় ১৩০ টা পৰিয়ালক। বিধায়ক গৰাকীয়ে খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে উত্তৰ পশ্চিম আৰু দক্ষিণ পশ্চিম কাকডোঙাত উপস্থিত হৈ বৰ্তমানৰ ক’ভিড পৰিস্থিতৰ বুজ লয় আৰু সম্পূৰ্ণ ক’ভিড বিধি মান্য খাদ্য সামগ্ৰী বিতৰণ কৰে।

দেৰগাঁও, নিৰঞ্জন দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here