বিশিষ্ট অভিনেতা দিলীপ কুমাৰদেৱৰ মৃত্যুত ম্ৰিয়মান দেশবাসী

0
37

বিশিষ্ট অভিনেতা দিলীপ কুমাৰদেৱৰ মৃত্যুত ম্ৰিয়মান দেশবাসী

আমাৰ সময়ঃ খহি পৰিল বলীউড ছবিজগতৰ আন এক নক্ষত্ৰ | বৰ্তমান প্ৰায় অভিভাৱকহীন হৈ পৰাৰ দিশত বলীউড | বলীউড জগতৰ এক বৃহৎ ক্ষতি | কৰ’ণাৰ সংহাৰৰ মাজতে আন এক দুখবৰ | আজি পুৱাই পঞ্চভূতত বিলীন হ’ল যশস্বী অভিনেতা দিলীপ কুমাৰ | বিখ্যাত অভিনেতা দিলীপ কুমাৰদেৱে শাৰীৰিক অসুস্থতাৰ বাবে ৯৮বছৰ বয়সত ইহলীলা সম্বৰণ কৰে | দীর্ঘদিনৰ পৰা শাৰীৰিক অসুস্থতাত ভুগি আছিল অভিনেতাগৰাকী । যোৱা সপ্তাহত অভিনেতাগৰাকীক ভৰ্তি কৰোৱা হৈছিল হিন্দুজা হাস্পতালত আৰু আজি শূন্যত বিলীন হ’ল অভিনেতাগৰাকী । আবেলি ৫বজাত মুম্বাইত তেওঁৰ অন্তুষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। উল্লেখ্য যে দিলীপ কুমাৰ আছিল হিন্দী ছবি জগতৰ এগৰাকী বলিষ্ঠঅভিনেতা ।

অভিনেতাগৰাকীৰ অভিনয় জীৱন আৰম্ভ হৈছিল-মোগল-এ-আজম, দেৱদাস,নয়া দ’ৰ,ৰাম অৰ শ‍্যাম আদি কেইবাখনো ছবিৰ জৰিয়তে। তেওঁৰ প্ৰকৃত নাম আছিল মহম্মদ ইউচুফ খান।১৯২২চনৰ ১১ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল যশস্বী অভিনেতাগৰাকী । ১৯৯৪ চনত তেওঁ লাভ কৰিছিল দাদা চাহেব ফাল্কে বঁটা । আনহাতে ২০১৫ চনত তেওঁ লাভ কৰিছিল পদ্মবিভূষণ সন্মান । অভিনেতাগৰাকীৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে ছবিজগতৰ তাৰকাৰ লগতে তেওঁৰ অনুৰাগীসকল ।এইগৰাকী বিখ্যাত অভিনেতাৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে বলীউড জগতৰ বহুতো তাৰকাৰ লগতে ৰাজনৈতিক মহলৰ কেইবাজনো লোকে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ লগতে দেশৰ আগশাৰীৰ ভিন্ন নেতাই টুইটযোগে তেওঁৰ পৰিয়াললৈ যাঁচিছে সমবেদনা। এনেদৰে ভিন্নজনে শোক প্ৰকাশ কৰা দেখা গ’ল অভিনেতাগৰাকীৰ বিয়োগত । হিন্দী ছবিজগতলৈ আগবঢ়াই যোৱা তেখেতৰ অলেখ অৱদানৰ জৰিয়তে সকলোৰে অন্তৰত স্মৰণীয় হৈ ৰ’ব এইগৰাকী অভিভিনেতা ।

NEWS DESK,AMARXOMOY.

LEAVE A REPLY

Please enter your comment!
Please enter your name here