ৰাইজে ড্ৰাগছ আসক্তক হাতে-লোটে ধৰি গতালে আৰক্ষীক

0
92

ৰাইজে ড্ৰাগছ আসক্তক হাতে-লোটে ধৰি গতালে আৰক্ষীক

জব্দ এটা কণ্টেইনাৰসহ আধা গ্ৰাম ব্ৰাউন ছুগাৰ

আমাৰ সময়ঃ নিষিদ্ধ ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰাৰ বাবে আৰক্ষী- প্ৰশাসনে ৰাজ্যজুৰি অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । তেনে পৰিস্থিতিত যোৱা বৃহস্পতিবাৰে বিয়লি চাৰি বজাত হালোগাঁও ষ্টেডিয়ামত দুজন ড্ৰাগছ আসক্ত যুৱকক ৰাইজে ধৰি খবৰ দিয়ে শুৱালকুছি আৰক্ষীক ।ড্ৰাগছ আসক্তৰ বিৰুদ্ধে অধিক কঠোৰ হৈ ভাৰতীয় জনতা পাৰ্টী হাজো মণ্ডলৰ সদস্যবৃন্দই কিছুদিন পূৰ্বে আৰক্ষীক অৱগত কৰাইছিল । সেই মৰ্মে খবৰ পোৱা মাত্ৰকে শুৱালকুছি আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ বামুন্দীৰ নয়নমণি কলিতা আৰু বাহাৰৰ খগেন দাস নামৰ যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয় ।আৰক্ষীয়ে দুই ড্ৰাগছ আসক্তৰ পৰা জব্দ কৰে এটা কণ্টেইনাৰ সহ প্ৰায় আধা গ্ৰাম ব্ৰাউন ছুগাৰ ।

হাজো,অনামিকা কলিতা ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here