ডেলিভাৰী বয় ৰূপত ড্ৰাগছ সৰবৰাহকাৰী

0
310

ড্ৰাগছ ব্যৱসায়ীৰ নতুন কৌশল

ডেলিভাৰী বয় ৰূপত ড্ৰাগছ সৰবৰাহকাৰী

আমাৰ সময়ঃ ড্ৰাগছৰ বেহাই যেন ছানি ধৰিছে কেওপিনে । প্ৰতিদিনে আৰক্ষীয়ে উৎখাত কৰি গৈছে ড্ৰাগছৰ ঘাটি । পিছে তথাপি যেন অন্ত পৰা নাই ড্ৰাগছৰ ৰমৰমীয়া বেহা । নিত্য নতুন কৌশলেৰে আৰম্ভ কৰিছে ড্ৰাগছৰ বেহা । এইবাৰ ড্ৰাগছ সৰবৰাহকাৰীয়ে শিৱসাগৰত লৈছে নতুন কৌশল । সামগ্ৰী অনলাইন ডেলিভাৰী কৰাৰ চলেৰে সৰবৰাহ কৰিছে ড্ৰাগছ, হেৰ’ইন ।
আজি শিৱসাগৰ আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে এই ভয়ংকৰ ছবি । শিৱসাগৰত আৰক্ষীয়ে আজি পুৱাৰ ভাগতে অভিযান চলাইছিল জিলাখনত । সেই অভিযানত বি জি ৰোডত দুই সৰবৰাহকাৰীৰ পৰা ১৫ টা মাৰাত্মক হেৰ’ইন থকা প্লাষ্টিক কন্টেইনাৰ , দুটা ম’বাইল ,নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।ইয়াৰ পিছত গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী দুটাৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে হেৰ’ইন থকা ৪৩ টা প্লাষ্টিক কন্টেইনাৰ ।এনেদৰে হেৰ’ইন থকা মুঠ ৫৮ টা প্লাষ্টিক কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ আৰক্ষীয়ে।
শিৱসাগৰ কোঁৱৰপুৰৰ চুমলুং লাহন আৰু বি জি ৰোডৰ নিবাসী বুলবুল আলি ওৰফে ভাটা আমৰৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে এই হেৰ’ইন।প্ৰতিটো কন্টেইনাৰত আছে ২.৫ গ্ৰামকৈ হেৰ’ইন । প্ৰতিটো কন্টেইনাৰ ২-৩ হেজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰে বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে দুই সৰবৰাহকাৰীয়ে ।উল্লেখ্য যে এ এছ ০৪ আৰু ৬২৫৪ নম্বৰৰ এখন বুলেটত গৈ থাকোতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় হেৰ’ইন সৰবৰাহকাৰী দুটাক । আৰক্ষীয়ে বৰ্তমান নিজাববীয়াকৈ গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে দুই ড্ৰাগছ সৰবৰাহকাৰীৰ ।

শিৱসাগৰ, জিতুল খান ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here