ভেলৌগুৰী আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

0
111

ভেলৌগুৰী আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

আমাৰ সময়ঃ ৰাজ্যত ইটোৰ পিছত সিটোকৈ আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী । এইবাৰ পুনৰ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী । মৰিগাঁও জিলাৰ নৈ-কাষৰীয়া ভেলৌগুৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নুৰুল হুছেইন আৰু সহঃ উপ পৰিদৰ্শক পংকজ বৰাৰ নেতৃত্বত চলা এক অভিযানত আটক হয় ড্ৰাগছ সৰবৰাহকাৰী । থানাখনৰ এলেকাধীন হাঁহচৰা গাঁৱৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলটোৱে মাইনুদ্দিন আৰু আইনুল হক নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । আটকাধীন লোককেইজনৰ লগতে ৪ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু ১৬ টা বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ।

উল্লেখ্য যে মাইনুদ্দিন আৰু আইনুল হকে ডিমাপুৰৰ পৰা ড্ৰাগছ আনি অঞ্চলটোত নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় কৰি থকা বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে । ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে দীৰ্ঘ দিন ধৰি বাহৰ পাতি অঞ্চলজুৰি ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল । অৱশেষত ভেলৌগুৰী আৰক্ষীয়ে আটকাধীন অভিযুক্তসকলৰ বিৰুদ্ধে এক গোচৰ ৰুজো কৰি ক্ৰমে জিলা আদালতলৈ প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে ।

মৈৰাবাৰী, ইকবাল হুছেইন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here