মৈৰাবাৰীত আটক হ’ল ড্ৰাগছ সৰবৰাহকাৰী

0
126

মৈৰাবাৰীত আটক হ’ল ড্ৰাগছ সৰবৰাহকাৰী

মৈৰাবাৰীত আৰক্ষীয়ে আটক কৰিয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক

আমাৰ সময়ঃ ৰাজ্যত অন্ত পৰা নাই ড্ৰাগছৰ বেহা । আৰক্ষীয়েও তীব্ৰ গতিত অব্যাহত ৰাখিছে অভিযান । মৰিগাঁও জিলাৰ নৈ কাষৰীয়া মৈৰাবাৰী আৰক্ষীৰ এটা অভিযানকাৰী দলে মৈৰাবাৰীৰ বজাৰৰ গাতে লাগি থকা তাতিকটা গাঁৱৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰে । আৰক্ষীৰ অভিযানকাৰী দলটোৱে শ্বৰিফুল ইছলাম ক ১৪ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ কৰায়ত্ব কৰে । শ্বৰিফুল ইছলামে বহু দিন ধৰি নিজৰ তাতিকটা গাঁৱৰ ভাৰাতীয়া ৰুমৰ পৰাই নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা চলাই আছিল ৷ এই কুখ্যাত ড্ৰাগছ মাফিয়াটোৱে বহুদিন ধৰি মৈৰাবাৰী আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছিল ড্ৰাগছৰ ব্যৱসায়।অৱশেষত মৈৰাবাৰীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে যোৱানিশা প্ৰায় ১০টা মান বজাত তাতিকটা গাঁৱৰ শ্বৰিফুল ইছলামৰ ৰুমত অভিযান চলাই। আৰক্ষী অহাৰ উমান পায় ড্ৰাগছ মাফিয়াটোৱে ঘৰৰ পিছ ফালে থকা খিৰিকীৰে জাঁপ মাৰি পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে ড্ৰাগছ মাফিয়াটোক খেদি খেদি আটক কৰে। ড্ৰাগছ মাফিয়া শ্বৰিফুল ইছলামে মৰিগাঁও জিলাৰ নৈ কাষৰীয়া মৈৰাবাৰীৰ বিভিন্ন অঞ্চলত নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় কৰি থকা বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ পায় । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জিলা আদালতলৈ প্ৰেৰন কৰিছে।

মৈৰাবাৰী,ইকবাল হুছেইন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here