ৰাজপথত ই-ৰিক্সা চলাই জীৱন সংগ্ৰামত নামি পৰা এগৰাকী ব্যতিক্ৰমী মহিলা

0
101

ই-ৰিক্সা চালক ৰূপে এগৰাকী মহিলা

ৰাজপথত ই-ৰিক্সা চলাই জীৱন সংগ্ৰামত নামি পৰা এগৰাকী ব্যতিক্ৰমী মহিলা

আমাৰ সময়ঃ যি সময়ত একাংশ মহিলাই বোকা-পানীত জঁপিয়াই ভিডিঅ’ বনোৱাত ব্যস্ত ,তেনে সময়তে মৰিগাঁৱত দেখা গ’ল ব্যতিক্ৰমী দৃশ্য ।এইয়া কোনো ৰিল লাইফৰ ভিডিঅ’ নহয়, এইয়া ৰিয়েল লাইফৰ ভিডিঅ’ | এগৰাকী সংগ্ৰামী আৰু সাহসী মহিলা | স্বামীৰ অনুপ্ৰেৰণাত জীৱন সংগ্ৰামত নামি পৰিছে এইগৰাকী মহিলা | আন দহগৰাকী মহিলাক স্বাৱলম্বী হোৱাৰ সাহস যোগাইছে এইগৰাকী মহিলাই |
শিক্ষিত মহিলাগৰাকীৰ ঘৰ হৈছে মৰিগাঁও জিলাৰ ভেদআতি গড়মাৰীত | মহিলাগৰাকীৰ এই সাহসিকতা দেখি আগবাঢ়ি আহিল যুৱ মৰ্চাৰ এটি দল আৰু পদপথতে গামোচা পিন্ধাই উৎসাহ যোগালে সাহসী মহিলাগৰাকীক কৰ’ণাসৃষ্ট এই দুৰ্যোগৰ সময়ত ই-ৰিক্সা চলাই জীৱন সংগ্ৰাম কৰা এইগৰাকী মহিলা আন দহগৰাকীৰ বাবে হৈ ৰ’ব প্ৰেৰণা আৰু আদৰ্শ ।

মৰিগাঁও, পিংকু দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here