স্বাৱলম্বীতাৰ পথ দেখুওৱা এজন আৰ্দশ যুৱক

0
51

স্বাৱলম্বীতাৰ পথ দেখুওৱা এজন আৰ্দশ যুৱক

আমাৰ সময়ঃ চৰকাৰী চাকৰিৰ অবিহনে স্বাৱলম্বীতাৰ পথ দেখুৱাইছে এজন যুৱকে | জাৰ্চি গৰু পুহি দুগ্ধ উৎপাদনৰ লগতে অন্যান্য কৰ্মৰাজিৰে দেখুৱাইছে আদৰ্শৰ পথ | নিজৰ লগতে আন শিক্ষিত যুৱককো দিছে সংস্থাপন | দেৰগাঁৱৰ নগৰৰ পৰা প্ৰায় ১৬ কি:মি: দূৰত্বত অৱস্থিত উওৰ-পশ্চিম অঞ্চলৰ গৰুমৰা-ধনশলৌ গাঁৱৰ এজন যুৱকৰ উল্লেখনীয় পদক্ষেপ । গাঁওখনৰ উদ্যমী যুৱক পংকজ চেত্ৰীয়ে চৰকাৰী চাকৰিৰ আশাৰ পৰিৱৰ্তে নিজাকৈ আৰম্ভ কৰিলে ব্যৱসায় । যি সময়ত এটা চৰকাৰী চাকৰি নাপাই নিবনুৱা যুৱকে কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে , সেই সময়তে জাৰ্চি গৰুৰ ফাৰ্ম আৰু কৃষি কৰ্মৰে সেউজ বিপ্লৱৰ সূচনা কৰিছে এজন উচ্চ শিক্ষিত যুৱকে। ২০১৫ চনৰ পৰা প্ৰথমে এজনী জাৰ্চি গৰু পুহি আৰম্ভ কৰিলে ব্যৱসায় । বৰ্তমান ৪২ জনীলৈ বৃদ্ধি কৰিলে জাৰ্চি গাই। দৈনিক ২০০ লিটাৰতকৈয়ো অধিক গাখীৰ উৎপাদন হয় পংকজৰ ফাৰ্মত । আৰ্দশবান পংকজ চেত্ৰীয়ে নিজৰ লগতে আন ১৫ জন শিক্ষিত যুৱকক সংস্থাপন দিয়ে এই ব্যৱসায়ত । আনহাতে ঘৰতে গাখীৰেৰে দৈ, ক্ৰীম,পেৰা আদি প্ৰস্তত কৰি প্ৰতিমাহে উপাৰ্জন কৰে লক্ষাধিক টকা । তদুপৰি ১০ বিঘা কৃষিভূমিত গোমধানৰ খেতি কৰি সেউজ বিপ্লৱৰ সূচনা কৰিছে পংকজ চেত্ৰীয়ে।আনহাতে তৰমুজ,অমিতা,কল আদি ভিন্ন ফল-ফুলৰ খেতিৰ লগতে মৌ-পালন কৰিও স্বাৱলম্বীতাৰ পথ দেখুৱাইছে পকজে । এনেদৰে এতিয়া পংকজ চেত্ৰীয়ে কৃষি বিভাগৰ পৰা পৰামৰ্শ লৈ ইটোৰ পিছত সিটো বতৰৰ খেতি কৰি দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন ।
পংকজ চেত্ৰীৰ এই আদৰ্শক সন্মান জনাই বিগত বছৰত অসম চৰকাৰে REGIONEL LIVESTOCK & POULTRY SHOW 2021 ৰ দ্বাৰা গুৱাহাটীত আৰ্দশ কৃষক বঁটাৰে সন্মানিত কৰে। ইয়াৰ ওপৰিও বিগত বৰ্ষতে অখিল ভাৰতীয় পত্ৰিকাৰ মহাসভা অৰ্থাৎ সাংবাদিক সংগঠন গোলাঘাট জিলাৰ অষ্টম বাৰ্ষিক ৰাজ্যিক অধিৱেশনত আৰ্দশ কৃষক হিচাপে সন্মান জনোৱা হয় এইগৰাকী যুৱকক । এই সন্মান পাই উৎফুল্লিত হৈ পৰিছে পংকজ চেত্ৰী । ৰাজ্যৰ আন শিক্ষিত যুৱকৰ বাবেও তেওঁ হৈ পৰিছে আদৰ্শ ।

দেৰগাঁও, নিৰঞ্জন দাস

LEAVE A REPLY

Please enter your comment!
Please enter your name here