হোম কুৱাৰেন্টাইনত থকা পৰিয়ালক সাহায্য প্ৰদান গাঁওবুঢ়াৰ

0
71

হোম কুৱাৰেন্টাইনত থকা পৰিয়ালক সাহায্য প্ৰদান গাঁওবুঢ়াৰ

আমাৰ সময়ঃ কৰ’ণাৰ দ্বিতীয়া ঢৌৱে দিশহাৰা কৰি তুলিছে দেশবাসীক ৷ কৰ’ণাত আক্ৰান্ত হৈ বহু সংখ্যক লোকৰ মৃত্যু হৈছে আৰু বৰ্তমানেও চিকিৎসাধীন হৈ আছে কিছু সংখ্যক লোক ৷ কৰ’ণাত আক্ৰান্ত হোৱাৰ স্বত্বেও যিসকল লোকে উশাহ-নিশাহ লোৱাত একো অসুবিধাৰ সন্মুখীন হোৱা নাই তেনে লোকসকলক ঘৰতে আৱদ্ধ হৈ থাকি সময়মতে ঔষধ সেৱন কৰি থাকিবলৈ চৰকাৰে এক নিয়ম ঘোষণা কৰিছিল । হোম কুৱাৰেন্টাইনত থকাৰ সময়ত পৰিয়ালৰ কোনো সদস্য ঘৰৰ বাহিৰ হ’ব নোৱাৰিব বুলি ঘোষণা কৰিছিল চৰকাৰে । তাৰ পৰিপ্ৰেক্ষিতত মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ ৬ নং ৱাৰ্ডৰ ছাইফ উদ্দিনৰ পৰিয়ালৰ লগতে ৭নং ৱাৰ্ডৰ আনাৰ হুছেইনৰ পৰিয়ালৰ সদস্যসকল হোম কোৱাৰেন্টাইনত থাকিবলগীয়া হোৱাত পৰিয়ালকেইটিলৈ সাহায্য প্ৰদান কৰে গাঁওবুঢ়াই । মণ্ডল মহিম ভৰালীৰ উপস্থিতত গাঁওখনৰ গাঁওবুঢ়া নুৰ মহম্মদে পৰিয়াল দুটিক যোগান ধৰে নিত্য ব্যৱহৃত বহু সা-সামগ্ৰী । চাউল ,মিঠাতেল ,দাইলকে ধৰি বিস্কুট, চাৰ্ফ-চাবোন আদি প্ৰায়বোৰ সামগ্ৰীয়েই যোগান ধৰে পৰিয়ালটোক । হোম আইছ’লেচনত থকাৰ ফলত পৰিয়ালকেইটাৰ কোনো লোক যাব পৰা নাই বজাৰলৈ । সেইবাবেই পৰিয়ালটোৱে কোনো অসুবিধাৰ সন্মুখীন নহ’বলৈ এই সাহায্য প্ৰদান কৰিছে বুলি গাঁওবুঢ়াগৰাকীয়ে জানিবলৈ দিয়ে ।

মৈৰাবাৰী,ইকবাল হুছেইন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here