জুৰীয়াৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত সাংসদ গৌৰৱ গগৈ

0
135

জুৰীয়াৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত সাংসদ গৌৰৱ গগৈ

আমাৰ সময়ঃ ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে আজি জুৰীয়াত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ । জুৰীয়া ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত উপস্থিত হয় সাংসদগৰাকী। ফাৰ্ম টু ফুড ফাউণ্ডেচন, গুঞ্জৰ উদ্যোগত আৰু কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ যৌথ প্ৰচেষ্টাত আজি ক’ভিড চিকিৎসাৰ বাবে বিতৰণ কৰে অত্যাৱশ্যকীয় সা-সামগ্ৰী ।এই অত্যাৱশ্যকীয় সামগ্ৰীখিনিৰ দ্বাৰা জুৰীয়াৰ বিভিন্ন প্ৰান্তত ক’ভিড-১৯ত আক্ৰান্ত হোৱা ৰোগীসকল কিছু পৰিমাণে উপকৃত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

সাংসদগৰাকীয়ে অক্সিমিটাৰ, থাৰ্মস্কেনাৰ, পি পি ই কিট, অক্সিজেন কনচানটেটৰ, উন্নতমানৰ মাস্ক আদি জুৰীয়া PHC ৰ চিকিৎসকৰ হাতত প্ৰদান কৰাৰ লগতে দগাওঁ PHEতো উপস্থিত হৈ উক্ত সামগ্ৰীসমূহ বিতৰণ কৰে।
আনফালে জুৰীয়াত সাংবাদিকক আক্ৰমণ কৰা ঘটনাক বিধায়ক নুৰুল হুদাই গৰিহণা দিয়াৰ লগতে আৰক্ষীয়ে সমগ্ৰ ঘটনাটোক উচিত তদন্ত কৰি দোষীক অতি শ্ৰীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় ।

জুৰীয়া,ফাইজুল ইছলাম।

LEAVE A REPLY

Please enter your comment!
Please enter your name here