পুৰণা বজাৰৰ গেলামাল দোকানত অনৈতিক কাৰ্য //আনহাতে হোজাইত কৰ’ণাৰ ভয়ংকৰ ৰূপ

0
156

হোজাইত কৰ’ণাৰ ভয়ংকৰ ৰূপ
আনহাতে পুৰণা বজাৰৰ গেলামাল দোকানত অনৈতিক কাৰ্য

আমাৰ সময়ঃ ৰাজ্যত দিনক দিনে বাঢ়িছে কৰ’ণা আক্ৰান্তৰ সংখ্যা ।তাৰ সমান্তৰালভাৱে হোজাইৰ এফ আৰ ইউত ২৯ জনৰ দেহত পোৱা গৈছে ক’ৰণাৰ অৱস্থিতি।ক’ভিড ভেকচিন ল’বলৈ অহা ব্যক্তিৰ দেহত পোৱা গৈছে কৰ’ণাৰ অৱস্থিতি ।শনিবাৰৰ দিনটোত বাতৰি যুগুত কৰাৰ পৰলৈকে হোজাই জিলাত ক’ভিড ৰোগীৰ সংখ্যা সৰ্বমুঠ ২৩৭ জনলৈ বৃদ্ধি।

আনহাতে কৰ’ণাৰ ভয়াবহতাৰ মাজতে হোজাইৰ পুৰণা বজাৰত উত্তপ্ত পৰিস্থিতি। দোকানৰ ভিতৰত দীৰ্ঘদিন ধৰি অনৈতিক কাৰ্যকলপা চলি থকা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ। পুৰণা বজাৰৰ দুমহলীয়া গেলামাল দোকানৰ ভিতৰত প্ৰায়ে বাহিৰৰ পৰা যুৱতী আনি অনৈতিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ স্থানীয় লোকৰ।শুকুৰবাৰে দুপৰীয়া এইখন গেলামাল দোকানৰ ওপৰ মহলাত এহাল যুৱক-যুৱতীয়ে অনৈতিক কাৰ্যত লিপ্ত থকা অৱস্থাত হাতে-লোটে ধৰা পেলায় স্থানীয় লোকে ।সুযোগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন অভিযুক্ত যুৱতীগৰাকীৰ। আনহাতে স্থানীয় ব্যৱসায়ীয়ে গেলামাল দোকানৰ স্বত্বাধিকাৰী দেৱাশীষ দে’ক ঘটনাৰ লগত জড়িত থকা যুৱক শ্ববিল খানক উত্তম মাধ্যম সুধাই আৰক্ষীক গতাই দিয়ে।

হোজাইৰ পৰা প্ৰশান্ত দত্ত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here