হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

0
153

হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

আফলাইন পৰীক্ষাৰ পৰিৱৰ্তে অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীত প্ৰতিবাদ

প্ৰতিবেদক: প্ৰশান্ত দত্ত,হোজাই, আমাৰ সময়ঃ হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী কাৰ্য্যসূচী।বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ অৱৰোধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ । স্নাতকোত্তৰ অফলাইন পৰীক্ষা বাতিলৰ দাবীত আৰু অনলাইন পৰীক্ষাৰ ব্যৱস্থা কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ ছাত্ৰীসকলে। ছাত্ৰ-ছাত্ৰীসকলে যোৱা এপ্ৰিল মাহৰ পৰা বিশ্ববিদ্যালয় কৰ্তৃপক্ষক চাৰি বাৰকৈ স্মাৰক পত্ৰ দিয়াৰ পিছতো কোনো সিদ্ধান্ত নিদিয়াৰ অভিযোগ তুলিছে।গতিকে অতি শীঘ্ৰে উচিত সিদ্ধান্ত গ্ৰহণ কৰি অফলাইন পৰীক্ষা বাতিল কৰি অনলাইন পৰীক্ষাৰ ব্যৱস্থা কৰাৰ দাবীত প্ৰতিবাদত বহিল ছাত্ৰ-ছাত্ৰীসকল ।

 

ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ অনুসৰি কৰ’ণাৰ এনে ভয়াৱহ পৰিস্থিতিক নিয়ন্ত্ৰণৰ বাবে চৰকাৰ-প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নিৰ্দেশাৱলী । বন্ধ হৈ আছে আন্তঃজিলা যাতায়াত ব্যৱস্থা । উল্লেখ্য যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীৰ লগতে বহিঃৰাজ্যৰো ভালেসংখ্যক শিক্ষাৰ্থী অধ্যয়নৰত এই বিশ্ববিদ্যালয়খনত । তেনেস্থলত এনে দুঃসময়ত বহিঃৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলে আহিব কেনেকৈ আৰু ক’ত কেনেদৰে থাকি পৰীক্ষাত অৱতীৰ্ণ হ’ব সেই লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া । সেয়েহে বিভাগীয় কর্তৃপক্ষৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত বহিল ছাত্ৰ-ছাত্ৰীসকল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here