বিজ্ঞান শাখাত অধ্যয়ন কৰিবলৈ মন,কিন্তু আৰ্থিক অৱস্থা নহয় সবল

0
168

বিজ্ঞান শাখাত অধ্যয়ন কৰিবলৈ মন,কিন্তু আৰ্থিক অৱস্থা নহয় সবল

মেট্ৰিক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিও মুখত নাই হাঁহি

৯৮.৬৮ শতাংশ নম্বৰ লাভ কৰি উজলিল নলবাৰীৰ বন্দিতা

আমাৰ সময়ঃ কৰ’ণাসৃষ্ট পৰিৱেশৰ মাজতে শুকুৰবাৰে ঘোষণা হ’ল ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । এই ফলাফলক লৈ একাংশৰ মুখত হাঁহি বিৰিঙিল আৰু সুখ্যাতি অৰ্জন কৰিও আন একাংশৰ মুখত নাই হাঁহি । নলবাৰী জিলাৰ বেলশৰৰ চৰকাৰী মাধ্যমৰ আগশাৰীৰ বিদ্যালয় বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ পাই ৯৮.৬৮ শতাংশ নম্বৰ লাভ কৰি বন্দিতাই বেলশৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।  বন্দিতাই অসমীয়াত ৯৮, ইংৰাজীত ৯৮, সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯৮, গণিতত ১০০ আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

সৰু দোকান এখনেৰে বন্দিতাৰ পিতৃ কমল শৰ্মাই পৰিয়ালটো চলাবলৈ সক্ষম নোহোৱাত ককাক পৰেশ শৰ্মাৰ পেঞ্চনৰ টকাৰে কোনোমতে চলি আছে পৰিয়ালটি । ভৱিষ্যতে বিজ্ঞান শাখাত অধ্যয়ন কৰি এগৰাকী সু-চিকিৎসক হোৱাৰ সপোন মনত পুহি ৰাখিছে বন্দিতাই । কিন্তু আৰ্থিক সমস্যাই হেঙাৰ হৈ থিয় দিছে । বন্দিতাৰ ফলাফলত উৎফুল্লিত হৈ বেলশৰ বিল্লেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰই বন্দিতালৈ উচ্চশিক্ষাৰ বাবে ৫০০০ টকা আগবঢ়ায় । আনহাতে বন্দিতাক উচ্চশিক্ষাৰ বাবে আৰ্থিক সহায় আগবঢ়াবলৈ স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী আৰু বিভিন্ন দল-সংগঠনক স্থানীয় ৰাইজে অনুৰোধ জনাইছে ।

নলবাৰী,ধীৰাজ তালুকদাৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here