এটা বৃহৎ ড্ৰাগছৰ ঘাটি উৎখাত নগাঁও জিলাৰ ধিং আৰক্ষীৰ

0
55

ধিং আৰক্ষীৰ বৃহৎ সাফল্য

এটা বৃহৎ ড্ৰাগছৰ ঘাটি উৎখাত নগাঁও জিলাৰ ধিং আৰক্ষীৰ

আমাৰ সময়ঃ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম আৰক্ষী । তীব্ৰ গতিত চলাইছে অভিযান ।নগাঁও জিলাৰ ধিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় বৰ্মনৰ তৎপৰতাত উৎখাত হয় এটা বৃহৎ ড্ৰাগছৰ ঘাটি । উল্লেখযোগ্য যে ধিং থানাৰ অন্তৰ্গত পানবাৰীৰ পৰা আৰক্ষীয়ে আটক কৰে মেৰাজুল ইছলামক । তেওঁক সোধ-পোছ কৰাত ৰেজিয়া খাতুনৰ ঘৰৰ পৰা ড্ৰাগছ ক্ৰয় কৰে বুলি তেওঁ জানিবলৈ দিয়াৰ পাছতে ৰেজিয়া খাতুনৰ ঘৰত তদন্ত চলাই আৰক্ষীয়ে ।

গাঁওৰক্ষী বাহিনীৰ সহযোগত এটা বৃহৎ ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় নগাঁও জিলাৰ ধিং আৰক্ষী। ড্ৰাগছ সৰবৰাহকাৰীকেইজন ক্ৰমে ৰিজাবু ইছলাম আৰু ৰেজিয়া খাতুন বুলি জানিব পৰা গৈছে । কিন্তু পলায়ন কৰে ড্ৰাগছ সৰবৰাহকাৰী কেইজন । এই ক্ষেত্ৰত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

মৈৰাবাৰী, ইকবাল হুছেইন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here