তামুলপুৰত গুৰু শিষ্যৰ সম্পৰ্কক লজ্জানত কৰা ঘটনা 

তামুলপুৰত গুৰু শিষ্যৰ সম্পৰ্কক লজ্জানত কৰা ঘটনা 

তামুলপুৰৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত এখন বিদ্যালয়ত সংঘটিত হৈছে পুনৰ নিৰ্যাতনৰ ঘটনা ।

৫০ বছৰীয়া শিক্ষক দয়াল চৰকাৰৰ দ্বাৰা শাৰীৰিক ভাৱে নিৰ্যাতিত হ’ল কনমানি চতুৰ্থ শ্ৰেণীৰ এগৰাকী ছাত্ৰী ।

শিক্ষাৰ মন্দিৰ বিদ্যালয়ৰ ভিতৰতে নিৰ্যাতিত হ’ল কিশোৰী গৰাকী ।

পৰিয়ালৰ লোকে ঘটনাটো খৱৰ পায় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অনিল মণ্ডলক অৱগত কৰে যদিও, সভাপতি গৰাকীয়ে ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাই । আনপিনে শিক্ষক দয়াল চৰকাৰে নিৰ্যাতিত ছাত্ৰী গৰাকীৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপিব বিচৰাত ২ লাখ টকা দিয়াৰ প্ৰলোভন দিয়ে ।

কিশোৰী গৰাকীৰ পিতৃয়ে তামুলপুৰ আৰক্ষী থানাত এজাহৰ দাখিল কৰে ।

তামুলপুৰ আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত শিক্ষক গৰাকীক আটক কৰিছে । গুৰু শিষ্যৰ সম্পৰ্কক কলংকিত কৰা ঘটনাটোৰ পিছতে সমগ্ৰ তামুলপুৰ জিলাতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ।

সচেতন মহলে দোষীক উচিত শাস্তি দিয়াৰ বাবে দাবী উত্থাপন কৰিছে যাতে পৰবৰ্তী সময়ত এনে ঘটনাৰ পুনৰাবৃত্তি নঘটে। আনহাতে শিক্ষক গৰাকীক উক্ত বিদ্যালয়ৰ পৰা নিলম্বন কৰাৰো দাবী উত্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *