আজি আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস

0
140

আজি আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস

আমাৰ সময়ঃ  প্ৰতি বছৰে ১৮ মে’ তাৰিখে বিশ্বব্যাপী পালন কৰা হয় এই দিৱস | ৰাষ্ট্রসংঘই এই দিৱস পালনৰ নিৰ্ণয় গ্ৰহণ কৰিছিল ১৯৮৩ চনৰ ১৮ মে’ তাৰিখে । ইয়াৰ পিছত ১৯৯২ চনত আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদে প্ৰতি বছৰে সংগ্ৰহালয় দিৱস উদযাপনৰ মত পোষণ কৰে। এনেদৰে প্ৰতিবছৰে বিশ্বৰ বিভিন্ন দিৱসত ভিন্ন কাৰ্যসূচীৰে পালন কৰি অহা হৈছে এই দিৱস । সংগ্ৰহালয়সমূহৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰাই ইয়াৰ মূল উদ্দেশ্য । এই দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁৱত এক ব্যতিক্ৰমী পদক্ষেপ ।

ঐতিহাসিক আপুৰুগীয়া সম্পদসমূহ আতক ধুনীয়াকৈ সজাই পৰাই সংৰক্ষণ কৰাৰ লগতে প্ৰাকৃতিক সম্পদসমূহক ৰক্ষণাবেক্ষণ দিবলৈ প্ৰকৃতিপ্ৰেমী মঞ্চ আৰু জীৱনজেউতী কৃষক সংঘৰ এক অভিনৱ কাৰ্যসূচী। মৰিগাঁও জিলাৰ চাৰণবিল আৰু কইনাকন্দা শিলৰ সৌন্দৰ্য্য অটুট ৰাখিবলৈ স্থানীয় ৰাইজৰ সজাগতাৰ বাবে এই কাৰ্যসূচী । সেই অনুসৰি চাৰণ বিলৰ চৌহদত ৰোপণ কৰা গছসমূহ নিৰিক্ষণ আৰু পুনঃ ৰোপণ কৰা হয় ৷ আঁহত, এজাৰ, অৰ্জুন ঔটেঙাকে ধৰি কেইবাপ্ৰজাতিৰো বনৌষধি গছৰ কুঁহিপাতবোৰ দেখি প্ৰকৃতিপ্ৰেমীসকল স্বাভাৱিকতে উৎফুল্লিত হয় ৷ সমান্তৰালভাৱে কইনাকন্দা শিলৰ চৌহদৰ হাবি-জংঘলবোৰো চাফ-চিকুণ কৰে । জিলাখনত থকা ঐতিহ্যমণ্ডিত সম্পদসমূহ সঠিকভাবে সংৰক্ষণ কৰি বিশ্ব দৰবাৰত জিলিকাবলৈ নৱপ্ৰজন্মক সজাগ আৰু সচেতন হ’বলৈ আহ্বান প্ৰকৃতি প্ৰেমী মঞ্চৰ লগতে জীৱন জেউতি কৃষক সংঘৰ । তাৰ উপৰিও জিলাখনৰ তিনিওগৰাকীৰ বিধায়ক/মন্ত্ৰীক এই ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই এই মঞ্চই ।

মৰিগাঁও, পিংকু দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here