পথৰ পৰাই শিশুক অপহৰণৰ চেষ্টা

0
105

পথৰ পৰাই শিশুক অপহৰণৰ চেষ্টা

মৰিগাঁৱৰ সাতৰবড়িত সংঘটিত হৈছে এই ঘটনা

মৰিগাঁৱত আটক শিশু অপহৰণকাৰী

আমাৰ সময়ঃ মৰিগাঁৱত চাঞ্চল্যকৰ ঘটনা । পথৰ পৰাই শিশুক অপহৰণৰ চেষ্টা । কিমান সুৰক্ষিত আপোনাৰ শিশুটি ! অকলে পথত ঘূৰি ফুৰে নেকি আপোনাৰ কণমানি শিশুটি । তেন্তে সাৱধান হওক ।

ৰাজ্যত ক্ৰমাৎ সক্ৰিয় হৈ উঠিছে শিশু অপহৰণ কাণ্ড । এইবাৰ মৰিগাঁৱত সংঘটিত হৈছে এনে শিহৰণকাৰী ঘটনা । মৰিগাঁৱৰ সাতৰবড়িত এগৰাকী ন বছৰীয়া শিশুক পথৰ পৰাই এখন টেম্প’ত উঠাই পলাবলৈ চেষ্টা কৰোঁতে স্থানীয় এজন লোকে প্ৰত্যক্ষ কৰি হুলস্থুল কৰাত চাৰিজনীয়া দলটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । অৱশেষত ঘটনাস্থলীত মৰিগাঁও সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ আটাইকেইজন অপহৰণকাৰীক আটক কৰি জেৰা অব্যাহত ৰাখিছে । আৰক্ষীৰ অনুসন্ধানতহে ওলাব সকলো তথ্য । আমাৰ হাতত অহা প্ৰাথমিক তথ্য অনুসৰি অপহৰণকাৰীকেইজনৰ ভিতৰত এজন কলকাতাৰ বুলি জানিব পৰা গৈছে ।

মৰিগাঁও,পিংকু দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here