৭ আগষ্টত ফাইনেল খেলত অৱতীৰ্ণ হ’ব লাভলীনা

0
159

৭ আগষ্টত ফাইনেল খেলত অৱতীৰ্ণ হ’ব লাভলীনা

লাভলীনাৰ বিপৰীতে ৰিঙত নামিব জাৰ্মানীৰ বক্সাৰ নাদীন এপেজ

নিউজ ডেস্ক, আমাৰ সময়ঃ বিশ্বৰ ক্ৰীড়া জগতখনত অলিম্পিক বুলি ক’লে এক আমোদজনক কথা। বৰ্তমান অলিম্পিকৰ কথা বিশ্ববাসীৰ লগতে অসমতো সকলোৰে মুখে মুখে শুনিবলৈ পোৱা গৈছে । কিয়নো অলিম্পিকলৈ অসমৰ প্রথমগৰাকী অলিম্পিয়ান বক্সাৰ শিৱ থাপাৰ পাছত দ্বিতীয় বক্সাৰ আৰু প্ৰথম অসমীয়া মহিলা বক্সাৰ হিচাপে খ্যাতি লাভ কৰিবলৈ যোৱা লাভলীনা বৰগোহাঁই আমাৰ সকলোৰে গৌৰৱৰ। গোলাঘাট জিলাৰ বৰপথাৰৰ জীয়ৰী লাভলীনা বৰগোহাঁইক লৈ আশান্বিত দেশবাসী । উল্লেখ্য যে ইতিমধ্যে লাভলীনাই এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৬৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । আনহাতে ২০১৮ চনৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল এইগৰাকী অসম কন্যাই ।
তদুপৰি অৰ্জুন বঁটা লাভ কৰা অসমৰ ষষ্ঠগৰাকী খেলুৱৈ লাভলীনা ।

লাভলীনাৰ অনুশীলন , চেষ্টা , আৰু আগ্ৰহে তেওঁক সফলতাৰ শীৰ্ষস্থান পোৱাত নিশ্চয় সহায় কৰিব । টকিঅ’ অলিম্পিকৰ সফলতা আজুৰি আনিবলৈ সাজু লাভলীনা ।লাভলীনাই পোন প্ৰথমে জাপানৰ বিৰুদ্ধে খেলিব, আৰু আগষ্টৰ ৭ তাৰিখে ফাইনেল খেলত অৱতীৰ্ণ হ’ব ।ইতিমধ্যে বক্সিঙৰ প্ৰথম ৰাউণ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে লাভলীনাই ।প্ৰি-কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰ বিপৰীতে ৰিঙত নামিব জাৰ্মানীৰ বক্সাৰ নাদীন এপেজ । ২৭ জুলাইত প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ৰিঙত নামিব লাভলীনাই ৷ অসম গৌৰৱ লাভলীনাই অসমৰ বাবে উছাহৰ ঢল বোৱাই অনাৰ শুভকামনা অসমবাসীৰ । প্ৰত্যেকেই অসম কন্যালৈ যাচিছে শুভেচ্ছা । ঠাই বিশেষে বন্তি প্ৰজ্জলন আৰু মন্ত্ৰী বিধায়কৰ চাইকেল ৰেলীও দেখিবলৈ পোৱা গৈছে । গতিকে পুনৰ উজ্বলি উঠিব অসম কন্যা । আজুৰি আনিব টকিঅ’ অলিম্পিকৰ জয়ৰ খিতাপ । সমূহ অসমবাসীৰ লগতে আমাৰ সময়ৰ তৰফৰ পৰাও খেলুৱৈগৰাকীলৈ থাকিল অলেখ শুভকামনা ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here