মাজনিশাৰ ধুমুহাই কঁপাই গ’ল উজনি মাজুলী

0
113

মাজনিশাৰ ধুমুহাই কঁপাই গ’ল উজনি মাজুলী

আমাৰ সময়ঃ কৰ’ণাৰ সংহাৰৰ মাজতে ধুমুহাই কঁপাই গ’ল ৰাজ্যৰ ভিন্ন ঠাই ।মাজুলীটো প্ৰচণ্ড ধুমুহাৰ প্ৰকোপ । যোৱা কালি অহা মাজনিশাৰ প্ৰবল ধুমুহাই উজনি মাজুলীত বাৰুকৈয়ে ক্ষতি কৰিলে । নিশা প্ৰায় ১১-২০ বজাত অহা এজাক প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে উজনি মাজুলীৰ জনজীৱন। সম্পূৰ্ণ ৫০ মিনিট জোৰা এই ধুমুহাই ভকতিদুৱাৰ, ৰাঙলীবাহাৰ, কঠমীয়া, গোঁসাই বাৰী, অভয়পুৰীয়া, ময়ঙীয়া, চটাইকুৰ, শুকান সুতি, চাৰিগাঁও, মৰিসূতি, মোৱামাৰী, কুহিয়াৰবাৰী আদি গাঁৱত ভিন্ন ক্ষতিসাধন কৰা পৰিলক্ষিত হ’ল ।

 

 

এইসমূহ গাঁৱৰ হাজাৰ-হাজাৰ পৰিয়ালৰ থকাঘৰ, গোহালি, ভঁৰাল আদি ধ্বংস কৰাৰ উপৰিও বিস্তৃত এলেকাৰ বিদ্যুতৰ খুটাৰ লগতে গছ-গছনি ভাঙি জনজীৱন ব্যাহত কৰা পৰিলক্ষিত হৈছে ।
বহু লোকৰ ঘৰ-দুৱাৰ নষ্ট হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ কিতাপ-পত্ৰ আৰু ভিন্ন প্ৰয়োজনীয় নথি-পত্ৰ অথবা সা-সামগ্ৰী নষ্ট হয় এই ধুমুহাত । আনহাতে বহুতৰে আকৌ দোকান-পোহৰৰ ভিন্ন সামগ্ৰী নষ্ট হয় । এনেদৰে ৰাজ্যৰ প্রান্তে-প্রান্তে মাজনিশা অহা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰা পৰিলক্ষিত হৈছে ।

নিউজ ডেস্ক, আমাৰ সময় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here