মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান/টেঙা আম এবাৰহে বেচিব পাৰে বুলি কটাক্ষ মুখ্যমন্ত্ৰীক

0
147

মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান

টেঙা আম এবাৰহে বেচিব পাৰে বুলি কটাক্ষ মুখ্যমন্ত্ৰীক

 

আমাৰ সময়ঃ নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰতিশ্ৰুতি দিয়া পৰিলক্ষিত হৈছিল । তাৰ ভিতৰত মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ কথাও ঘোষণা কৰিছিল । কিন্তু নিৰ্বাচনো গ’ল,সেই প্ৰতিশ্ৰুতিও যেন গ’ল । এই অভিযোগ ঋণ লোৱা মহিলাসকলৰ ।এতিয়া ঋণ মাফৰ ক্ষেত্ৰত জাৰি কৰিছে কেতবোৰ নিয়ম । যি নিয়ম মানিবলৈ মুঠেই সন্মত নহয় মহিলাসকল ।আজি নগাঁৱৰ মাজগাঁৱৰ মহিলাসকল একগোট হৈ ঋণ ৰেহাই দিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীক ।

 

উল্লেখ্য যে অশোক সিংঘালৰ নেতৃত্বত গঠন হোৱা কমিটীখনে ৰিজাৰ্ভ বেংকে বান্ধি দিয়া কেতবোৰ নিৰ্দেশনা অনুসৰি ঋণসমূহ মাফ কৰা হ’ব বুলি জনাইছিল। কিন্তু সেই নিয়মসমূহ মানিবলৈ প্ৰস্তুত নহয় মহিলাসকল ।নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ লগতে টেঙা আম এবাৰহে বেচিব পাৰে বুলিও সকীয়াই দিলে মহিলাসকলে ।

নগাঁও, কৌশিক ফুকন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here