স্বামীক ধনী ঘৰৰ ছোৱালী বিয়া পাতিবলৈ কৈ নিৰুদ্দেশ পত্নী

0
255

স্বামীক ধনী ঘৰৰ ছোৱালী বিয়া পাতিবলৈ কৈ নিৰুদ্দেশ পত্নী

শাহুমাকৰ ককৰ্থনাত অধৈৰ্য হৈ এই সিদ্ধান্ত হিমাদ্ৰীৰ

আবেগভৰা চিঠিৰ জৰিয়তে এই কথা জনাই থৈ গ’ল পত্নীয়ে

আমাৰ সময়ঃ স্বামীক ধনী ঘৰৰ ছোৱালী বিয়া পাতিবলৈ কৈ নিৰুদ্দেশ পত্নী | আবেগভৰা চিঠিৰ জৰিয়তে এই কথা জনাই থৈ গ’ল পত্নীয়ে | চিঠিখনত তাই লিখিছে-

অ’ জান, মোক বেয়া নাপাবি ৷ মই আৰু এনেদৰে থাকিব নোৱাৰোঁ ৷
এনেকুৱা জীৱন লৈ থকাতকৈ নথকাই ভাল । তই মোক বেয়া নাপাবি । তই পুনৰ নতুনকৈ জীৱনটো আৰম্ভ কৰিবি । এইবাৰ ধনী ঘৰৰ ছোৱালী বিয়া পাতিবি আৰু তাইক সুখত ৰাখিবি । মা-দেউতাক অভাৱত নাৰাখিবি, নহ’লে বহুত কষ্ট পাব । মই জানো, তই মোক বহুত ভাল পাৱ আৰু ময়ো তোক বহুত ভাল পাওঁ । কিন্তু কি কৰিবি উপায় নাই আৰু… ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ তোক যাতে কুশলে ৰাখে । মইনাক মোৰ লগতে আনিলোঁ, বেয়া নাপাবি । কাৰণ মই জানো মা নহ’লে কিমান কষ্ট হয় আৰু মই সেই কষ্টবোৰ সহিব নোৱাৰিম ।তোৰ কথা ভাবি ভাবি এইবোৰ লিখি মই বহুত কান্দিলোঁ । I Miss You. তোৰ কথা ভাবিয়ে মই ইমানবোৰ লিখিলোঁ । তোৰ অবিহনে মই বহু কষ্টত থাকোঁ কিন্তু তই বুজি নাপাবি । এনেদৰে চিঠিৰ শেষত মহিলাগৰাকীয়ে স্বামীৰ প্ৰতি থকা ভালপোৱা প্ৰকাশ কৰি তেওঁ ক্ষমা বিচাৰিলে ঘৰ ত্যাগৰ সিদ্ধান্তৰ বাবে ।

আচলতে ঘটনাটো কি !
চিঠি লিখি আজি ৫ দিন ধৰি নিৰুদ্দেশ হোৱা মহিলাগৰাকী BSFত কৰ্মৰত এজন সেনা জোৱানৰ পত্নী ।ঝাৰখণ্ডত সীমান্ত সুৰক্ষা বাহিনীত কৰ্মৰত স্বামীলৈ এই আৱেগিক চিঠি পত্নী হিমাদ্ৰী ৰায়ৰ ৷ তাৰ পিছতেই স্বামী গৃহৰ পৰা নিৰুদ্দেশ মহিলাগৰাকী ৷ মহিলাগৰাকীৰ স্বামীৰ ঘৰ চোকাপাৰাত ৷ স্বামী অসীম ৰায় ঝাৰখণ্ডত সীমান্ত সুৰক্ষা বাহিনীত কৰ্মৰত ৷ যোৱা ২০ জুলাইত স্বামীলৈ এখন চিঠি লিখি কণমানি জীয়েকসহ নিৰুদ্দেশ হিমাদ্ৰী ৰায় ৷ জানিব পৰা মতে স্বামীৰ অনুপস্থিতিত শাহুমাকে প্ৰায়ে অত্যাচাৰ কৰিছিল হিমাদ্ৰীক ৷ নিতৌ মানসিক নিৰ্যাতন চলাইছিল হিমাদ্ৰীক ৷ কেৱল দুখীয়া হোৱাৰ বাবেই শাহুমাকৰ ককৰ্থনা শুনিছিল হিমাদ্ৰীয়ে ৷ এই কথা হিমাদ্ৰীৰ চিঠিখনটো স্পষ্ট হৈ পৰিছে । সি যি কি নহওক পৰিয়ালবৰ্গ এতিয়া চিন্তিত হৈ পৰিছে ৫ দিনে হিমাদ্রিৰ কোনো সম্ভেদ নাপাই । তেওঁক ঘূৰি আহিবলৈ আহ্বান পৰিয়ালৰ লোকৰ ।

হিমাদ্ৰীৰ স্বামী আহি ঘৰ পালেহি , কিন্তু নাই পত্নী । এতিয়া স্বামীৰ লগতে হিমাদ্ৰীৰ ভগ্নী আৰু জন্মদাত্ৰী মাতৃও চিন্তিত হৈ পৰিছে । জীয়েক উভটি আহিব বুলি আশাৰে আছে বাট চাই আছে মাতৃয়ে ৷ সেমেকি উঠিছে চকুলো ৷কণমানিৰে সৈতে হিমাদ্ৰী নিৰুদ্দেশ হোৱাত অঞ্চলজুৰি বিয়পি পৰিছে শোকৰ ছাঁ । কোনো লোকে যদি হিমাদ্ৰীক প্ৰত্যক্ষ কৰে তেন্তে নিকটবর্তী থানাত জনাবলৈ কাতৰ আহ্বান পৰিয়ালবৰ্গৰ । কণমানিৰে সৈতে হিমাদ্ৰীক সোনকালে ঘৰলৈ উভটি আহিবৰ বাবে আহ্বান পৰিয়ালৰ লোক তথা গাঁওবাসীৰ ।

বঙাইগাঁও, অনুপজ্যোতি দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here