মেৰাপানীত নিৰুদ্দেশ সাংবাদিকৰ পত্নী

0
159

মেৰাপানীত নিৰুদ্দেশ সাংবাদিকৰ পত্নী
মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত চাউদাংপথাৰ সাপেখাতীত সংঘটিত হৈছে এই ঘটনা

আমাৰ সময়ঃ মেৰাপানীত নিৰুদ্দেশ সাংবাদিকৰ পত্নী | মেৰাপানীৰ এগৰাকী সাংবাদিক তথা ১ নং তৰাণিৰ বাসিন্দা দীপক বৰাৰ পত্নী মমী ওৰফে অমিয়া বৰা নিৰুদিষ্ট হৈ আছে বিগত তিনিদিন ধৰি । উল্লেখ্য যে ৯ বছৰীয়া কন্যা সন্তানৰ মাতৃ অমিয়া বৰাই তেওঁৰ স্বামী দীপক বৰাসহ কিছুদিনৰ পূৰ্বে চাউদাংপথাৰস্থিত নিজ মাতৃ গৃহলৈ গৈছিল। কিন্তু নিজ মাতৃ গৃহত থকাৰ অৱস্থাতেই কোনো দুৰ্বৃত্তৰ অপহৰণৰ বলি হ’ল অমিয়া বৰা ।
ঘটনা সংক্ৰান্তত মহিলাগৰাকীৰ স্বামী তথা সাংবাদিক দীপক বৰাই মেৰাপানী আৰক্ষী থানাত তেওঁৰ পত্নীক অপহৰণ কৰাৰ সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ। দীপক বৰাৰ সন্দেহ হৈছে যে সাংবাদিকৰ পত্নী হোৱাৰ বাবেই তেওঁ কোনো অজান শত্ৰুৰ আক্ৰোশৰ বলি হৈ এই পৰিস্থিতিৰ সন্মুখীন হৈছে ।

উল্লেখযোগ্য যে এই ঘটনাৰ পূৰ্বে সাংবাদিক দীপক বৰাক কোনো অজ্ঞাত কাৰণত ভাবুকি প্ৰদান কৰিছিল মেৰাপানীৰ ক’লাজান অঞ্চলৰ কেশৱ বৰুৱা নামৰ এজন যুৱকে। যাৰ পৰিণতিত কেশৱ বৰুৱাই অমিয়া বৰাক অপহৰণ কৰি নিয়াৰ সন্দেহ প্ৰকাশ কৰিছে দীপক বৰাই। কিয়নো অমিয়া বৰা নামৰ মহিলাগৰাকী নিৰুদ্দিষ্ট হোৱা দিনৰে পৰা ৰহস্যজনকভাৱে নিজ বাসগৃহৰ পৰা অন্তৰ্ধান হৈ আছে অভিযুক্ত কেশৱ বৰুৱা । ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত মেৰাপানী আৰক্ষীয়ে অপহৃতা মহিলাগৰাকীক উদ্ধাৰৰ সমান্তৰালভাৱে অপহৰণকাৰীক আটক কৰিবলৈ অব্যাহত ৰাখিছে অভিযান। কিন্তু বৰ্তমানেও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালৰ লোক তথা আৰক্ষী প্ৰশাসন।

গোলাঘাট, নিৰঞ্জন দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here