মাকক নেদেখি মুখৰ মাত হেৰাইছে শিশুৰ/পত্নীক নেদেখি উচুপি উঠিছে স্বামী

0
125

মাকক নেদেখি মুখৰ মাত হেৰাইছে শিশুৰ / পত্নীক নেদেখি উচুপি উঠিছে স্বামী

আমাৰ সময়ঃ নলবাৰীৰ শোলমাৰা গাঁৱৰ এগৰাকী মহিলা সন্ধানহীন | মাকৰ মৰম বিচাৰি হাবাথুৰি খাইছে শিশুৱে | দুই কণমানিক কোলাত লৈ পত্নী আহিব বুলি বাট চাই আছে পতিয়ে । কিন্তু পত্নীৰ কোনো সন্ধান নোপোৱাত উচুপি উঠিছে স্বামীগৰাকী । সন্তানদুটিৰ মুখলৈ চাব পৰা নাই তেওঁ ।

নলবাৰীৰ বেলশৰ থানাৰ অন্তৰ্গত শোলমাৰা গাঁৱৰ ঘিলাজাৰী চুবুৰীৰ দীপাংকৰ দাসৰ পত্নী জোনালী দাস সন্ধানহীন হৈ আছে ২৭ জুলাই তাৰিখৰ পৰা । দুটি সন্তানৰ মাতৃ জোনালী গৈছিল চিকিৎসালয়লৈ । ডিঙিৰ অসুখত ভূগি থকা বাবে ৰাতিপুৱা ৯ বজাত শোলমাৰৰ ঘৰৰ পৰা নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ ওলায় যায় জোনালী । কিন্তু নিশালৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে । মহিলাগৰাকীৰ লগত থকা ম’বাইলৰ চুইটচ্ অফ থকাত চিন্তিত হৈ পৰে পৰিয়ালবৰ্গ ।

নিশালৈকে জোনালী দাস নামৰ মহিলাগৰাকী উভতি নহাত পৰিয়াল তথা স্থানীয় ৰাইজে আত্মীয়-কুটুম্ব আৰু বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও কোনো সম্ভেদ উলিয়াব নোৱাৰি নিশাই স্থানীয় শোলমাৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে । মাকক নেদেখি মুখৰ মাত হেৰাইছে কণমানি শিশু দুটিৰ । কোলাত সন্তান দুটি সাৱটি লৈয়ে এতিয়া স্বামী দীপাংকৰ দাসে পত্নী ঘূৰি আহিব বুলি পদূলিলৈ চাই ৰৈছে ।

কোনো লোকে মহিলাগৰাকীৰ সম্ভেদ লাভ কৰিলে শোলমাৰা আৰক্ষী চকীত খবৰ দিবলৈ অনুৰোধ পৰিয়ালৰ । নাইবা জোনালী দাসৰ স্বামী দীপাংকৰ দাসৰ ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় । তেওঁৰ ফোন নম্বৰটো হৈছে 9101949867  | এনেদৰে এতিয়া স্বামীয়ে বাট চাই ৰৈছে পত্নীলৈ আৰু শিশুদুটিয়ে বাট চাই ৰৈছে মাকলৈ ।

নলবাৰী, ধীৰাজ,তালুকদাৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here