মৈৰাবাৰী পথৰ উন্নয়নক লৈ আমিনুল ইছলামৰ বিস্ফোৰণ

0
79

মৈৰাবাৰী পথৰ উন্নয়নক লৈ আমিনুল ইছলামৰ বিস্ফোৰণ

এটা দুষ্ট চক্ৰই ৰাস্তাটোৰ নিৰ্মাণৰ কামত বাধা দিয়া বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে

আমাৰ সময়ঃ  সুদীৰ্ঘ পোন্ধৰটা বছৰ তেওঁ বিধায়ক হৈ থকাৰ পাছতো তেখেতৰ সমষ্টিৰ ৰাস্তা-ঘাটৰ এই শোচনীয় অৱস্থা । আজি মৈৰাবাৰী হাস্পতালত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক সাংবাদিকে কেইবাটাও প্ৰশ্ন কৰিছিল । তাৰ ভিতৰত তেওঁৰ সমষ্টিৰ পথৰ এই দুৰৱস্থাৰ কাৰণো সুধিছিল সাংবাদিকে । সাংবাদিকৰ প্ৰশ্নত মৈৰাবাৰীৰ এটা দুষ্ট চক্ৰই ৰাস্তাটোৰ নিৰ্মাণৰ কামত বাধা দিয়াৰ বাবেই পথটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠা নাই বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে । আনকি এই দুষ্ট চক্ৰটোৱে তেওঁৰ বিৰুদ্ধে ভুৱা বাতৰি সম্প্ৰচাৰ কৰা বুলিও তেওঁ মন্তব্য আগবঢ়াই।

মৈৰাবাৰী, ইকবাল হুছেইন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here